মৰ্মান্তিক! পশুধনক বচাবলৈ গৈ পথ দুৰ্ঘটনাত মৃত‍্যুক আকোঁৱালি ল’লে শিক্ষক উৎপল বৰাই

নিউজ ডেস্ক। গােলাঘাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটিত বৃহস্পতিবাৰে সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত মৃত‍্যুক সাৱটি ল’লে এগৰাকী জনপ্ৰিয় শিক্ষকে।

মৃত শিক্ষক গৰাকী বনগাঁও নিবাসী উৎপল বৰা।

নিজৰ অমায়িকতাৰ বাবে সকলোৰে প্ৰিয়ভাজন মৃত উৎপল বৰা পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰয়নী উচ্চ মাধ্যমিক বিদ্যালয়ত গণিত তথা বিজ্ঞান বিষয়ৰ শিক্ষক আছিল।

G5 1
মৰ্মান্তিক! পশুধনক বচাবলৈ গৈ পথ দুৰ্ঘটনাত মৃত‍্যুক আকোঁৱালি ল’লে শিক্ষক উৎপল বৰাই 2

বৃহস্পতিবাৰে বিদ‍্যালয়ৰ পৰা বনগাঁও স্থিত নিজা বাসগৃহলৈ গৈ থাকোঁতেই ৰঙামাটিৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয়। ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় শিক্ষক গৰাকী।

প্ৰত‍্যক্ষদৰ্শী ৰাইজৰ ভাষ‍্য মতে এটি পশুধনৰ প্ৰাণ বচাবলৈ গৈয়ে শিক্ষক গৰাকী দুৰ্ঘটনাত পতিত হয়।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উৎপল বৰাক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয় নোপোৱাৰ আগতেই তেওঁৰ মৃত্যু ঘটে।

১৯৯৮ চনৰ পৰা বিদ‍্যালয় খনত শিক্ষকতা কৰি থকা উৎপল বৰাৰ মৃত্যুৰ খবৰে বিদ্যালয় খনৰ সমূহ ছাত্র- ছাত্ৰী, শিক্ষক-কৰ্মচাৰীবৃন্দৰ লগতে গাওঁবাসী ৰাইজক বাকৰুদ্ধ কৰি পেলাইছে ।

Leave a Comment