ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, ট্ৰাকৰ প্ৰচণ্ড খুন্দা শিক্ষাৰ্থী কঢ়িওৱা বাহনৰ

নিউজ ডেস্ক। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত শিক্ষাৰ্থী কঢ়িয়াই নিয়া বাহন।

ঘটনাৰ স্থান পাঠশালাৰ পাটাছাৰকুছি।

এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা কেইবাগৰাকীও শিক্ষাৰ্থীৰ।

দুৰ্ঘটনাত পতিত বাহন খন এখন উইংগাৰ বাহন। বাহনখনত আছিল ২২ গৰাকী ছাত্ৰ-ছাত্ৰী।

পাঠশালাৰ শিক্ষাপীঠ হাইস্কুললৈ গৈ আছিল বাহনখন।

photo 2022 06 14 13 19 50
ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, ট্ৰাকৰ প্ৰচণ্ড খুন্দা শিক্ষাৰ্থী কঢ়িওৱা বাহনৰ 3

বৰষুণৰ মাজতে এখন ট্ৰাকে ঘাই পথত হঠাৎ ব্ৰেক মৰাত ইউংগাৰ বাহনখনে খুন্দা মাৰে ট্ৰাক খনত।

ঘটনাত প্ৰায় ৮ গৰাকী ছাত্ৰ-ছাত্ৰী আঘাত প্ৰাপ্ত হয়।

আহত ছাত্ৰ-ছাত্ৰী সকলক পাঠশালা চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।

পাটাছাকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

লগতে চাওকঃ

লাডাখৰ বাইক যাত্ৰা সম্পূৰ্ণ কৰি পুনৰ ঘৰলৈ উভতি ঘূৰি নাহিল অভিযন্তা নিতু ৰাজকোঁৱৰ

G4 6
ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, ট্ৰাকৰ প্ৰচণ্ড খুন্দা শিক্ষাৰ্থী কঢ়িওৱা বাহনৰ 4