অসমঅসমীয়া

মহানগৰীত ভয়াৱহ ভূমিস্খলনৰ ঘটনা, ৪ জন শ্ৰমিকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। পুনৰ কৃত্ৰিম বান, ভূমিস্খলনৰ কবলত পৰিছে গুৱাহাটী মহানগৰীৰ বহু অঞ্চল।

ইয়াৰ মাজতে মহানগৰীৰ পশ্চিম বৰাগাঁও নিজৰাপাৰ অঞ্চলত সংঘটিত হ’ল এক শােকাৱহ ঘটনা।

পাহাৰৰ মাটি খহি এটা ঘৰ পুতি পেলােৱাৰ ফলতে ৪ গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু ঘটে।

G2 6

ঘটনাৰ খবৰ লাভ কৰিয়েই SDRF আৰু স্থানীয় লােকে উদ্ধাৰ আটাইকেইজনৰ মৃতদেহ।

মৃত শ্ৰমিক কেইজনৰ নাম মফিজুল হক (কোকৰাঝাৰ), মনোৱাৰ হুছেইন (ধুবুৰী), আমৰুল হক (গোলকগঞ্জ) আৰু হাচানুৰ আলি (কোকৰাঝাৰ) বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে নিশা প্ৰায় ৯.৩০ বজাৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত নিশা প্ৰায় ১ বজাত বৰাগাঁৱৰ নিজৰাপাৰাৰ নয়ন ৰাজবংশী নামৰ লোকজনৰ ভাৰাঘৰত পাহাৰৰ মাটি খহি পৰিছিল।

G3 9

সেইসময়ত ঘৰটোত শুই আছিল চাৰিজন শ্ৰমিক।

শুই থকা অৱস্থাতে পাহাৰৰ পৰা খহি অহা শিল-মাটিয়ে হেঁচি ধৰে শ্ৰমিক চাৰিজনক।

One thought on “মহানগৰীত ভয়াৱহ ভূমিস্খলনৰ ঘটনা, ৪ জন শ্ৰমিকৰ কৰুণ মৃত্যু”

Comments are closed.