নিউজ ডেস্ক। বন্ধুৰ সৈতে সুদূৰ লাডাখলৈ বাইকেৰে যাত্ৰা কৰি পুনৰ ঘৰলৈ ওভতাৰ পথত শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল গুৱাহাটী তেল শােধনাগাৰৰ কনিষ্ঠ অভিযন্তা নিতু ৰাজকােঁৱৰৰ।
উল্লেখ্য যে যােৰহাট জিলাৰ মৰিয়নীৰ নাগাজাংকাৰ গড়মূৰ গাঁও নিবাসী প্ৰণৱ ৰাজকোঁৱৰ আৰু অণু গগৈ ৰাজকোঁৱৰৰ একমাত্র সন্তান আছিল নিতু ৰাজকােঁঁৱৰ।
জানিব পৰামতে, দীর্ঘ দূৰত্বৰ মটৰ চাইকেল চলাই পূৰ্বৰে পৰা ভালপোৱা নিতু ৰাজকোঁৱৰে তিনিজন বন্ধুৰ সৈতে লাডাখলৈ মটৰ চাইকেল লৈ গৈছিল। লাডাখৰ যাত্ৰা সম্পূৰ্ণ কৰি তেওঁলােক পুনৰ অসম অভিমুখে ৰাওনা হৈছিল।

কিন্তু দেওবাৰে পুৱা ১০.৩০ বজাত লক্ষ্ণৌৰ সমীপত এক ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লয় নিতুৱে।
অত্যন্ত অমায়িক আৰু ভদ্ৰ যুৱ অভিযন্তাজনৰ আকস্মিক মৃত্যুত নাগাজাংকাৰ লগতে মৰিয়নী অঞ্চলত শোকৰ ছাঁ পৰিছে।

সােমবাৰে সন্ধিয়া মৃতদেহ বিমানযোগে গুৱাহাটী আহি পোৱাৰ পিচত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।
তাতেই অন্তিম শ্রদ্ধাঞ্জলি জনোৱাৰ পিচত নৱগ্ৰহ শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়।
পিতৃ প্ৰণৱ ৰাজকোঁৱৰ আৰু মাতৃ অণু গগৈ ৰাজকোঁৱৰে একমাত্র সন্তানক হেৰুৱাই শোকাহত হৈ পৰিছে।










2 thoughts on “লাডাখৰ বাইক যাত্ৰা সম্পূৰ্ণ কৰি পুনৰ ঘৰলৈ উভতি ঘূৰি নাহিল অভিযন্তা নিতু ৰাজকোঁৱৰ”
Comments are closed.