অসমঅসমীয়া

ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকে মহটিয়াই নিলে বাইক, থিতাতে মৃত্যু বাইক আৰােহী যুৱকৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু এজন যুৱকৰ।

মঙ্গলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

পুৱা ৬.৩০ মান বজাত সংঘটিত এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় অতুল নাথ নামৰ এজন ৩২ বছৰীয়া যুৱকৰ।

G2 14

এখন বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে মৃত্যু ঘটে যুৱকজনৰ।

মৃত অতুল নাথৰ ঘৰ টিয়াঝাৰত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 01 AC 7374 আৰু বাইকৰ নম্বৰ AS 13 J 8914।

ইতিমধ্যে ট্ৰাকখন মঙলদৈ আৰক্ষীয়ে জব্দ কৰিছে।

জানিব পৰা মতে, অতুল নাথ নামৰ যুৱকজন মঙ্গলদৈ এচ.আৰ.ডি. পুৰণি ৰিপোজৰ কৰ্মচাৰী।

দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ এনে অকাল মৃত্যুৱে অঞ্চলটােত শােকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *