চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৯ মাৰ্চ, বুধবাৰ

মেষ ৰাশি- দিনটো উৎসাহেৰে পৰিপূৰ্ণ হব। দীঘলীয়া যাত্ৰা কৰিবলগা হব পাৰে। চাকৰিয়ালসকলে আজি পদোন্নতি লাভ কৰিব পাৰে। খং পৰিহাৰ কৰি চলক। বৌদ্ধিক কৰ্মত আজি আপুনি আশানুৰূপ সফলতা লাভ কৰিব পাৰিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। পৰিয়ালত সৰু সৰা মতানৈক্যৰ সৃষ্টি হব পাৰে যদিও সন্ধিয়ালৈ সকলো ঠিক হৈ যাব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- মনত সুখ থাকিব। জ্যেষ্ঠ সকলৰ সহযোগিতাৰে আজি আপুনি অৰ্থনৈতিকভাৱে সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱনত সুখ থাকিব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। কোনো মাংগলিক অনুষ্ঠান ঘৰত সম্পন্ন হ’ব পাৰে। গৃহসজ্জাৰ নামত আজি ব্যয় বৃদ্ধি পাব। পত্নীৰ স্বাস্থ্যৰ যতন লওক।

মিথুন ৰাশি- আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ দিন হ’ব। কামৰ ক্ষেত্ৰত আজি বন্ধুৰ পৰা লাভ কৰা পৰামৰ্শ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হব। চাকৰিয়াল সকলৰ পদোন্নতিৰ যোগ আছে। কৰ্মক্ষেত্ৰত কামৰ বোজা হ্ৰাস পাব, যাৰ বাবে আজি আপুনি যথেষ্ট আজৰি সময় লাভ কৰিব। বস্ত্ৰ ব্যৱসায়ৰ সৈতে জড়িত সকলৰ বাবে দিনটো অতি শুভ। হঠাৎ ধন লাভ কৰিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি আপোনাৰ শান্ত আৰু চাপমুক্ত থকাটো অতি লাভজনক প্ৰমাণিত হ’ব। ন্যায়িক কামত সফলতা লাভ কৰিব। বিবাহিত জীৱনত কিছু সমস্যাৰ সন্মুখীন হবলগীয়া হব পাৰে। খং আৰু ঈৰ্ষা আজি পৰিহাৰ কৰি চলক। ব্যৱসায়ী সকলে নতুন ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে। উপাৰ্জন বৃদ্ধি হব যদিও ব্যয়ৰ পৰিমাণো বৃদ্ধি পাব।

সিংহ ৰাশি- ব্যৱসায় সংক্ৰান্তীয় কাৰণত ভ্ৰমণ কৰিব পাৰে। চাকৰিয়াল সকলে উৰ্ধ্বতন বিষয়াৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব। চাকৰিত বদলিৰ যোগ আছে। নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত সকলৰ আজি পৰিশ্ৰম বৃদ্ধি পাব। দ্ৰুত ধন উপাৰ্জনৰ পৰিকল্পনা বা লাভজনক অফাৰৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে ভাল হ’ব।

কন্যা ৰাশি- আজিৰ দিনটো এক লাভজনক দিন হ’ব। কামৰ ক্ষেত্ৰত কিছু ডাঙৰ সাফল্য থাকিব পাৰে। সন্ধিয়া আপুনি বন্ধুৰ ঘৰলৈ যাব পাৰে, আপুনি চাপমুক্ত অনুভৱ কৰিব। আপুনি আপোনাৰ পিতৃৰ সৈতে এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। ন্যায়িক কামত সফলতা লাভ কৰিব। পত্নীৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। ঘৰত মাংগলিক কাৰ্য থাকিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি আপুনি অধিক পৰিশ্ৰম কৰিব লাগিব। বৌদ্ধিক কামত সফলতা লাভ কৰিব। ব্যৱসায়ী সকলৰ বাবেও দিনটো শুভ। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। পৰিয়ালৰ সমৰ্থনত নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। পৈতৃক সম্পত্তিৰ পৰা ধন লাভৰ যোগ আছে। গৃহ সজ্জা বা মাংগলিক কাৰ্যৰ নামত আজি ব্যয় বৃদ্ধি পাব। পত্নীৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক।

বৃশ্চিক ৰাশি- ব্যৱসায়ৰ ক্ষেত্ৰত আশাবাদী দৃষ্টিভংগীৰে কামৰ ক্ষেত্ৰত আপুনি উদ্যমী হ’ব। আপুনি আপোনাৰ ব্যৱসায়ত যথেষ্ট সফল হ’ব আৰু গ্ৰাহকৰ সৈতে স্থায়ী সম্পৰ্ক গঢ়ি তুলিব পাৰে। আপোনাৰ সামৰ্থ্য প্ৰমাণ কৰিবলৈ আপুনি উন্নত সুযোগৰ সুবিধা ল’ব লাগিব। আপোনাৰ খ্যাতি বৃদ্ধি হ’ব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অসুবিধাই চিন্তিত কৰিব পাৰে।

ধনু ৰাশি- মনত শান্তি থাকিব। শিক্ষা আৰু বৌদ্ধিক কামৰ সৈতে জড়িত সকলে আজি নিজৰ কাম সম্পাদন কৰোতে অসুবিধাৰ সন্মুখীন হব লাগিব পাৰে। পত্নীৰ সৈতে থকা পূৰ্বৰ কোনো বিবাদ আজি সমাধান হব। শিশুৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। সুস্বাদু খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। পত্নী পক্ষৰ কোনো অতিথিৰ ঘৰলৈ আগমণ ঘটিব পাৰে।

মকৰ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে অতি লাভজনক দিন। আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব। আন কোনো ধৰণেও অৰ্থনৈতিক লাভালাভ হ’ব। হঠাৎ লগ পোৱা কোনো পুৰণি বন্ধুৰ সান্নিধ্যই আজি আপোনাৰ দিনটো মধুৰ কৰি তুলিব। মহিলা সকলে আজি সাজ-সজ্জাৰ নামত অধিক ধন ব্যয় কৰিব পাৰে। সন্তান আৰু পত্নীৰ পৰা সুখ থাকিব। অবিবাহিত লোকৰ বিবাহৰ যোগ আছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এটা ব্যস্ত দিন হিচাপে পৰিগণিত হ’ব। এলাহে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। জমা ধন হ্ৰাস পোৱাৰ ফলত আজি আৰ্থিক সমস্যাৰো সন্মুখীন হবলগীয়া হব পাৰে। ধৈৰ্য ধৰক। সামাজিক স্থানত শালীনতা বৰ্তাই ৰাখক। আজি ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ পৰা আতৰি থাকক। বন্ধুৰ সমৰ্থন লাভ কৰিব।

মীন ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে এটা শুভ দিন। কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে জ্যেষ্ঠজনৰ সৈতে আলোচনা কৰক। ব্যৱসায় সম্পৰ্কীয় সমস্যা আজি বন্ধুৰ সহায়ত আতৰিব। কাৰ্যালয়ত শীৰ্ষ বিষয়াৰ সমৰ্থন লাভ কৰিব। সামাজিক স্থানত আজি সন্মান বৃদ্ধি পাব। সমান্তৰালভাৱে পিতৃ বা মাতৃৰ পৰা আজি আপুনি আৰ্থিক সহায় লাভ কৰিব পাৰে। কিন্তু ব্যয়ৰ ক্ষেত্ৰত আজি আপুনি সাৱধান হব লাগিব।

Leave a Comment