অসম

আজি পৌৰ সভা নিৰ্বাচনৰ ভোটগণনা, কাৰ দখলত কেইখন পৌৰসভা?

আজি পৌৰ সভা নিৰ্বাচনৰ ভোটগণনা।

ৰাজ্যত অলপতে অনুষ্ঠিত হৈ যোৱা পৌৰ সভা নিৰ্বাচনৰ আজি ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

পুৱা ৮ বজাৰ পৰা ৰাজ্যৰ মুঠ ৮০ খন পৌৰ সভাৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।

ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিয়ে তিনিখন পৌৰ সভা দখল কৰিছে।

ৰাজ্যৰ ৮০ খন পৌৰ সভাৰ ৯৭৭ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

য’ত ভাগ্য নিৰ্ণয় কৰা হ’ব ২৫৩২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

ইয়াৰ ভিতৰত ৬১ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে।

ইয়াৰ ভিতৰত ৬০ গৰাকী প্ৰাৰ্থী বিজেপিৰ আৰু এগৰাকী প্ৰাৰ্থী অগপৰ বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *