ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত উজলিল অসমৰ ছাত্ৰী, প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিলে এই পুৰস্কাৰ…

নিউজ ডেস্ক। পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযােগিতাত সফলতাৰে উজলিল অসমৰ ছাত্ৰী।

এই ছাত্ৰীগৰাকী হৈছে তিনিচুকীয়াৰ ছানিয়া ডেকাৰী।

উল্লেখ্য যে ‘সতর্কতা জাগৰণ সপ্তাহ’ উপলক্ষে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্রীয় সতর্কতা আয়োগৰ উদ্যোগত অনুষ্ঠিত ৰচনা প্ৰতিযােগিতাত দেশৰ ভিতৰত শীৰ্ষ পাঁচগৰাকী প্ৰতিযােগীৰ ভিতৰত স্থান পাবলৈ সক্ষম হয় ছানিয়া।

G3 2
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত উজলিল অসমৰ ছাত্ৰী, প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিলে এই পুৰস্কাৰ... 3

তিনিচুকীয়াৰ হিজুগুৰিৰ লংকেশ্বৰ গোহাঁই নগৰ নিবাসী ৰাজু ডেকাৰী আৰু পাপৰি ডেকাৰীৰ কন্যা ছানিয়া ডেকাৰী তিনিচুকীয়াৰ বাডিং বাৰ্ডছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী।

যোৱা ৩ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈকে দেশজুৰি অনুষ্ঠিত এই ৰচনা প্রতিযোগিতাৰ শীৰ্ষক আছিল ‘কৰাপচন ফ্রী ইণ্ডিয়া ফৰ এ ডেভেলপড নেচন’।

এই প্ৰতিযােগিতাত সৰ্বমুঠ ৭.৬৫ লাখ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।

image 59
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰচনা প্ৰতিযােগিতাত উজলিল অসমৰ ছাত্ৰী, প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰিলে এই পুৰস্কাৰ... 4

যোৱা ৩ নৱেম্বৰত ৰাজধানী দিল্লীত অনুষ্ঠিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰে ছানিয়াই।

এটা স্মাৰক আৰু এখন প্রশস্তিপত্ৰৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র বিজয়ী প্রতিযোগী ছানিয়া ডেকাৰীক সন্মানিত কৰে।

তিনিচুকীয়াৰ হিজুগুৰিৰ লংকেশ্বৰ গোহাঁই নগৰ নিবাসী ৰাজু ডেকাৰী আৰু পাপৰি ডেকাৰীৰ কন্যা ছানিয়া ডেকাৰীৰ এনে কৃতিত্বত গৌৰৱান্বিত তিনিচুকীয়াবাসীৰ লগতে সমগ্ৰ অসমবাসী।