ছবিৰ শ্বুটিঙৰ বাবে টীমসহ পুনৰ অসমলৈ আহিমঃ কংগনা

নিউজ ডেস্ক। অসমৰ পাঁচদিনীয়া ভ্ৰমণ সামৰি পুনৰ উভতিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট।

উভতনি যাত্ৰাৰ প্ৰাকমুহূৰ্তত দেওবাৰে পুৱা বৰঝাৰ বিমানবন্দৰত সাংবাদিকৰ মুখামুখি হয় অভিনেত্ৰীগৰাকী।

G2 1
ছবিৰ শ্বুটিঙৰ বাবে টীমসহ পুনৰ অসমলৈ আহিমঃ কংগনা 2

সাংবাদিকে কংগনাক অসম ভ্ৰমণৰ অভিজ্ঞতা সন্দৰ্ভত কৰাত অভিনেত্ৰীগৰাকীয়ে কয় যে অসম অতি ধুনীয়া ঠাই, মই কেবাবাৰো অসমলৈ আহিছাে।

তেওঁ লগতে কয় যে অচিৰেই শ্বুটিঙৰ উদ্দেশ্যে তেওঁৰ টীমৰ সৈতে পুনৰ অসমলৈ আহিব।

উল্লেখ্য যে কংগনা ৰানাৱটে তেওঁ নতুন ছবি ‘ইমাৰজেন্সি’ৰ শ্বুটিঙৰ বাবে লােকেশ্যন বিচাৰি চানডুবি, কাজিৰঙা, দীপৰ বিলকে ধৰি অসমৰ কেবাখনাে ঠাই পৰিভ্ৰমণ কৰে কংগনাই।

অসম এৰাৰ পূৰ্বে শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে কংগনাই।