ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে ভিভিআইপিৰ নিৰাপত্তাত নিয়োজিত অসমৰ ৪ যুৱতী…

নিউজ ডেস্কঃ নিজৰ যোগ্যতাৰ বলত দিল্লী আৰক্ষীত নিযুক্তি লাভ কৰি অন্য যুৱক-যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে অসমৰ ৪ গৰাকী যুৱতী।

দিল্লী আৰক্ষীৰ বিশেষ বেটেলিয়ানত নিযুক্তি লাভ কৰাৰ পিছত অসমৰ এই চাৰি যুৱতীয়ে এতিয়া লাভ কৰিছে ৰাষ্ট্ৰপতি, প্ৰধামন্ত্ৰী, গৃহমন্ত্ৰীৰ দৰে ভিভিআইপিৰ নিৰাপত্তাৰ দায়িত্ব।

ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে দেশৰ সৰ্বোচ্ছ পদাধিকাৰীৰ নিৰাপত্তাৰ দায়িত্ব লাভ কৰা অসমৰ এই যুৱতী কেইগৰাকী হৈছে ধেমাজিৰ চিচিবৰগাঁও-চুমনী গাঁৱৰ ই ৰাণী চুতীয়া, ধেমাজিৰ এৰাধলৰ হেপী বুঢ়াগোঁহাই, শিৱসাগৰ জিলাৰ কল্পনা দাস আৰু সোণাপুৰৰ জ্যোতি বৰা।

delhi assam
ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দৰে ভিভিআইপিৰ নিৰাপত্তাত নিয়োজিত অসমৰ ৪ যুৱতী… 2

উল্লেখ্য যে, ২০১৯ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত দিল্লীত অনুষ্ঠিত আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল অসমৰ ৪১ গৰাকী যুৱতী আৰু প্ৰায় ৮৪ গৰাকী যুৱকে।

এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে দিল্লী আৰক্ষীৰ বিশেষ বেটেলিয়ানত নিযুক্তি লাভ কৰিছিল ই ৰাণী, হেপী, কল্পনা আৰু জ্যোতিয়েও।

দিল্লী আৰক্ষীত নিযুক্তি লাভ কৰাৰ পিছতে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হয়। তাৰ পিছতে ভিভিআইপিৰ নিৰাপত্তাৰ বাবে বাচনি কৰা হয় অসমৰ যুৱতী কেইগৰাকীক।

বৰ্তমান কঠোৰ অনুশীলনৰ জৰিয়তে ভিভিআইপিৰ নিৰাপত্তাৰ বাবে নিজকে সাজু কৰি তুলিছে অসমৰ বীৰাংগণা যুৱতী কেইগৰাকীয়ে।