আৰু মাত্ৰ পোন্ধৰ দিন!
অহা ১৫ দিনলৈ উৎকট গৰমৰ মাজেৰেই পাৰ কৰিব লাগিব ৰাজ্যবাসীয়ে। ১৫ দিনৰ পিছত সকাহ পাব সকলোৱে।
কিয়নো আৰু ১৫ দিনৰ পিছত বিদ্যুতৰ সমস্যা সমাধান হ’ব বুলি সদৰি কৰিছে ৰাজ্যৰ শক্তিমন্ত্ৰীয়ে।
বিগত কিছুদিন ধৰি বিদ্যুতৰ লুকাভাকুৱে জলাকলা খুৱাইছে ৰাইজক। উৎকট গৰমত সঘন বিদ্যুৎ কৰ্তনৰ ফলত অতিষ্ঠ সাধাৰণ জনতা।
প্ৰচণ্ড ৰ’দত ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা, তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি ঘনে ঘনে বিদ্যুৎ কৰ্তন। প্ৰতিশ্ৰুতি দিছিল ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ, কিন্তু এতিয়া ২৪ ঘণ্টাত ২৪ বাৰতকৈও অধিক কৰ্তন কৰা হয় বিদ্যুৎ।
ইয়াৰ মাজতে আজি শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।
মন্ত্ৰীগৰাকীয়ে আশ্বাস দিছে, শীঘ্ৰে দূৰ হ’ব বিদ্যুতৰ নাটনিৰ সমস্যা। দহ-পোন্ধৰ দিনৰ ভিতৰত ৰাজ্যত দূৰ হ’ব বিদ্যুতৰ সমস্যা। সকলো সমস্যা পৰ্যবেক্ষণ কৰি থকা হৈছে।
বিদ্যুৎৰ লুকাভাকু খেলত আতিষ্ঠ হৈ পৰা ৰাজ্যবাসীয়ে শীঘ্ৰেই এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভাগীয় মন্ত্ৰী তথা চৰকাৰক বিদ্যুৎৰ সমস্যা সমাধান কৰিবলৈ দাবী উত্থাপন কৰাৰ সময়তে মন্ত্ৰী নন্দিতা গাৰ্লোচা দিয়া এই প্ৰতিশ্ৰুতি কিমানদূৰ বাস্তৱায়িত হয়, সেয়া সময়তহে হ’ব লক্ষণীয়।









