ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণক লৈ মহানগৰ যান-বাহন শাখাৰ বিশেষ পথ নিৰ্দেশনা…

ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰলৈ অসমলৈ আহিব দ্ৰোপদী মুৰ্মূ।

১৩ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতিগৰাকী।

ৰাষ্ট্ৰপতিগৰাকীৰ অসম আগমনক লৈ মহানগৰ যান-বাহন শাখাই জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা।

১৩ আৰু ১৪ অক্টোবৰত সামগ্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত জাৰি কৰিছে পথ নিৰ্দেশনা।

নিৰ্দেশনা অনুসৰি, ১৩ অক্টোবৰত ৰাতিপুৱা ৮ বজাৰ পৰা নিশা ১০.৩০ বজালৈ ২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ছয় চকীয়া বা তাতকৈ ওপৰৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহনসমূহৰ চলাচলত নিষেধাজ্ঞা আৰোপ।

image 95
ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণক লৈ মহানগৰ যান-বাহন শাখাৰ বিশেষ পথ নিৰ্দেশনা... 2

একেদৰে ১৪ অক্টোবৰতো পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ ২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল।

আনহাতে ১৪ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা ১২.৩০ বজালৈ ডিজি ৰোড, এটি ৰোড, এমজি ৰোড, কে এল বি ৰোড, তৈয়বুল্লা ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত বন্ধ থাকিব সকলো ধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল।