চাঞ্চল্যকৰ! কণমানি সন্তানক এৰি ক’লৈ গ’ল মুস্কান, পত্নীক বিচাৰি স্বামীৰ হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ এগৰাকী ২২ বছৰীয়া বোৱাৰী সন্ধানহীন।

কৰ্মসূত্ৰে গুৱাহাটীৰ আজাৰা হাটখোৱাত ভাড়াঘৰত বাস কৰিছিল নলবাৰীৰ বৰলিয়াপাৰ অঞ্চলৰ ৱাহিদুৰ ৰহমান আৰু পত্নী মুস্কান হক।

জানিব পৰামতে, আবেলি ৩মান বজাত স্বামী ৱাহিদুৰে তেওঁৰ একমাত্ৰ তিনি বছৰীয়া পুত্ৰক লৈ জালুকবাৰীলৈ ওলাই গৈছিল।

আবেলি ৪মান বজাত নিজৰ ভাড়াতীয়া ৰূমলৈ ঘূৰি আহি নিজ পত্নীক বিচাৰি নোপোৱাত ফোন কৰে যদিও ফোন বন্ধ হৈ থকাত উপায়হীন হৈ পৰিছে এটি সন্তানৰ পিতৃ তথা সন্ধানহীন মহিলাগৰাকীৰ স্বামী ৱাহিদুৰ ৰহমান।

পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ নোপোৱাত আজাৰা থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, প্ৰায় ৩বছৰ পূৰ্বে ৱাহিদুৰ ৰহমানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মুস্কান হক নামৰ যুৱতীগৰাকীৰ।

কোনো লোকে সন্ধানহীন মহিলাগৰাকীৰ সম্ভেদ পালে 70029-34198 নম্বৰত যোগাযোগ কৰিবলৈ কাঁতৰ আহ্বান জনাইছে স্বামী তথা পৰিয়ালবৰ্গই।