‘লভিতা’ নাটকখন বন্ধ কৰক, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক নকল কৰাজনক জাতীয় শত্ৰুঃ অখিল গগৈ…

আৱাহন থিয়েটাৰৰ লভিতা নাটকক লৈ চলি থকা বিতৰ্কৰ মাজতে এইবাৰ নাটকৰ বিতৰ্কল লৈ মুখ খুলিলে বিধায়ক অখিল গগৈয়ে।

আৱাহন থিয়েটাৰ কৰ্তৃপক্ষক ‘লভিতা’ নাটকখন আজিৰে পৰাই বন্ধ কৰক আহ্বান জনাই অখিল গগৈয়ে।

তেওঁ কয়- ‘লভিতা’ নাটক চুৰি কৰিছে অভিজিৎ ভট্টাচাৰ্যই আৰু আৱাহন থিয়েটাৰে। ‘লভিতা’ হ’ল অসমীয়া জাতিৰ এটা নিৰ্দিষ্ট সময়ৰ নিৰ্দিষ্ট মতাদৰ্শৰ প্ৰতিফলন।

‘লভিতা’ বন্ধ নকৰিলে যিকোনো সময়ত প্ৰতিবাদত বহিব বুলিও হুংকাৰ প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে।

আৱাহন থিয়েটাৰৰ লভিতাক নকল লভিতা আখ্যা দি অখিলে কয়- জ্যোতি প্ৰসাদ আগৰৱালাৰ নাটক নকল কৰাজনক জাতীয় শত্ৰু।

উল্লেখযোগ্য কিছুদিন ধৰি ছচিয়েল মিডিয়াত আৱাহন থিয়েটাৰে চলিত বছৰত মঞ্চস্থ কৰা ‘লভিতা’ নাটকখনক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক।

এই নাটকখনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ক বিকৃত ৰূপত তুলি ধৰাৰ অভিযোগ উত্থাপিত হৈছে।