একেটা দিনতে ৰাজ্যত দ্বিতীয়টো ভয়ংকৰ পথ দুৰ্ঘটনা।
মেজিক আৰু টেম্পোৰ মাজত ভয়ংকৰ সংঘৰ্ষত শিশুসহ ৩ জন লোকৰ কৰুণ মৃত্যু।
আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে আন ৪ গৰাকী লোক।
কলিয়াবৰ হাতীবন্ধাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
এখন মালবাহী মেজিকৰ সৈতে যাত্ৰীবাহী টেম্পোৰ মুখামুখী সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।

টেম্পখন তেজপুৰৰ পাঁচমাইলৰ পৰা জুৰীয়ালৈ আহি আছিল বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনা স্থলীত জখলাবন্ধ আৰক্ষী আহি উপস্থিত হয়।
আহত সকলক আৰক্ষীয়ে ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰায়।
নিহত সকলৰ ভিতৰত এটি শিশু আৰু দুগৰাকী মহিলা।
এই দুৰ্ঘটনাত আহত হোৱা কেইজন ক্ৰমে- মহিবুৰ ৰহমান, আৰিফুল ৰহমান, পাঁচমাইলৰ মচিনুৰ ৰহমান আৰু জুৰীয়াৰ আনোৱাৰা বেগম বুলি আৰক্ষীয়ে সদৰি কৰিছে।
উল্লেখ্য যে, আজি পুৱাৰ ভাগতে ছিপাঝাৰত সংঘটিত হোৱা আন এক দুৰ্ঘটনাত এই পৰ্যন্ত ৪গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।
প্ৰাতঃভ্ৰমণলৈ অহাৰ সময়তে তীব্ৰবেগী ট্ৰাকে ৭ গৰাকীকৈ লোকক মহতিয়াই নিয়াৰ ফলতে ৪ গৰাকী লোকৰ কৰুণ মৃত্যু হয়।









