ৰাজ্যৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ ভাৰতৰ নিৰ্বাচন আয়োগৰ…

নিউজ ডেস্কঃ ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ ভাৰতৰ নিৰ্বাচন আয়োগৰ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰিছে নিৰ্বাচন আয়োগে।

ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ অনুৰোধমৰ্মে জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ৮ক অনুসৰি সমষ্টিৰ সীমা নিৰ্ধানৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে।

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলৰ নেতৃত্বত আয়োগে সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে নতুন প্ৰশাসনিক ইউনিট সৃষ্টিৰ ক্ষেত্ৰত অসমৰ নিৰ্বাচনী বিষয়াক নিষেধাজ্ঞা জাৰি কৰিবলৈ নিৰ্দেশ দিছে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি, সংবিধানৰ ১৭০ নং অনুচ্ছেদৰ অধীনত বাধ্যতামূলক কৰা অনুসৰি ৰাজ্যখনৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ উদ্দেশ্যে ২০০১ৰ লোকপিয়লৰ পৰিসংখ্যা ব্যৱহাৰ কৰা হ’ব।

eci
ৰাজ্যৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ ভাৰতৰ নিৰ্বাচন আয়োগৰ… 2

লগতে ভাৰতীয় সংবিধানৰ ৩৩০ আৰু ৩৩২ নং অনুচ্ছেদ অনুসৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব।

আয়োগে সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ উদ্দেশ্যে নিজাকৈ নিৰ্দেশনা আৰু পদ্ধতি ডিজাইন আৰু চূড়ান্ত কৰিব।

সীমা নিৰ্ধাৰণৰ অনুশীলনৰ সময়ত আয়োগে ভৌতিক বৈশিষ্ট্য, প্ৰশাসনিক এককসমূহৰ বৰ্তমানৰ সীমা, যোগাযোগৰ সুবিধা, জনসাধাৰণৰ সুবিধা আৰু ভৌগলিক সীমাৰ ওপৰত গুৰুত্ব দিব।

আয়োগে জানিবলৈ দিয়া মতে, ৰাজ্যৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ চূড়ান্ত কৰাৰ পিছত সাধাৰণ জনতাৰ পৰা পৰামৰ্শ বা আপত্তি গ্ৰহণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই সন্দৰ্ভত ৰাজ্যৰ দুখন স্থানীয় কাকততো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা বৈঠকৰ তাৰিখ আৰু স্থান নিৰ্দিষ্ট কৰি এখন জাননী প্ৰকাশ কৰা হ’ব বুলি জনায় আয়োগে।