সীমান্তৰ উত্তেজনাৰ মাজতে মোডী চৰকাৰৰ চীন প্ৰীতি! চীনা কোম্পানীক প্ৰদান কৰিলে বন্দে ভাৰতৰ ৩৯ হাজাৰ চকা নিৰ্মাণৰ দায়িত্ব

নিউজ ডেস্কঃ ভাৰত ভূমিত চীনৰ আগ্ৰাসনৰ পিছত ৰঙাচীনৰ বিৰুদ্ধে কঠোৰ হৈছিল মোডী চৰকাৰ। ৰাতিটোৰ ভিতৰতে দেশত নিষিদ্ধ কৰা হৈছিল ৫০ৰো অধিক চীনা এপ। নেতা-মন্ত্ৰীয়ে আহ্বান জনাইছিল চীনা সামগ্ৰী বৰ্জনৰ।

কিন্তু ৰঙা চীনক লৈ পুনৰ এবাৰ দুমুখীয়া স্থিতি প্ৰকাশ কৰিলে মোডী চৰকাৰে। আত্মনিৰ্ভৰ ভাৰতৰ কথাৰে ঘৰুৱা কোম্পানী সমূহক অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰা কেন্দ্ৰীয় চৰকাৰে পুনৰ এবাৰ সহায় ল’বলগীয়া হ’ল চীনা সংস্থা আৰু শত্ৰু চীনৰ।

ভাৰত চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন বন্দে ভাৰত ৰে’লৰ চকা নিৰ্মাণৰ নিবিদা প্ৰদান কৰা হৈছে চীন চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এটা কোম্পানীক।

Rail Ministry cancelled tender for making 44 Vande Bharat trains after bid  from Chinese venture dgtl - Anandabazar

উল্লেখ্য যে, পাংগং হ্ৰদত চীনা সেনাই আন এখন দলং নিৰ্মাণৰ বিস্ফোৰক খবৰ পোহৰলৈ অহাৰ সময়তে চীনা কোম্পানীটোক মোডী চৰকাৰে এই নিবিদা প্ৰদান কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বাতৰি অনুসৰি, ৪ এপ্ৰিলত ৰে’লৱে বোৰ্ডে বন্দে ভাৰত এক্সপ্ৰেছ নিৰ্মাণৰ বাবে ৩৯,০০০ চকাৰ নিবিদা প্ৰদান কৰে। ২ মে’ত চীনৰ টিজেড (টাইজহং) হংকং ইণ্টাৰনেচনেল লিমিটেডক ১৭০ কোটি টকাত এই চকা নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

চীনা কোম্পানীক এই নিবিদা প্ৰদান কৰাৰ সপক্ষত ৰে’লৱে বোৰ্ডে যুক্তি দি কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে আন দেশবোৰে চকা যোগান ধৰিব পৰা নাই। সেইকাৰণে চীনা কোম্পানীটোক এই চুক্তি প্ৰদান কৰা হৈছে।

লক্ষণীয়ভাৱে যিটো কোম্পানীৰ সৈতে ভাৰত চৰকাৰে চুক্তি স্বাক্ষৰ কৰিছে, সেই কোম্পানীটো ১৯৫০ চনত চীনা চৰকাৰে স্থাপন কৰিছিল। যাৰ বাবে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

চিৰবৈৰী ৰাষ্ট্ৰখনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ এই চুক্তিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধীয়েও। কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই কয়, “এফালে চৰকাৰে চীনা এপসমূহ নিষিদ্ধ কৰি আছে। আনফালে চীনত নিৰ্মিত বিভিন্ন সামগ্ৰী দেশখনত প্ৰৱেশ কৰাটো নিশ্চিত কৰি আছে। এয়া অদ্ভূত প্ৰৱঞ্চনা।’’

Leave a Comment