অসম

ৰাজ্যৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

চাবুৱাত নিৰ্মাণ কাৰ্য আৰম্ভ হ’ল ৰাজ্যৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ।

মঙলবাৰে সম্পূৰ্ণ মাংগলিক পৰিৱেশ তথা ভকত বৈষ্ণৱৰ নাম প্ৰসঙ্গৰ মাজেৰে ৰাজ্যৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় ‘শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়’ৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিলে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

চাবুৱাৰ দিনজয় সত্ৰৰ সমীপৰ বালিজান পানিএৰে গাঁৱত প্ৰায় ২২০ বিঘা মাটিত নিৰ্মাণ হ’ব লগা এই ক্ৰীড়া বিশ্ববিদ্যালয়ে অসমৰ লগতে উত্তৰ পূবৰ চুকে কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক বিচাৰি উলিয়াব বুলি মত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰূপে দায়িত্ব গ্ৰহণ কৰিছে ড০ বি কে বাৰ্মাই।

নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক পোনাকন বৰুৱা, বিধায়ক তেৰশ গুৱালাকে ধৰি নিকাই নিগমৰ অধ্যক্ষ বিষয়াসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *