অসম

জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীসকলে যদি ধন ঘটিম বুলি ভাবিছে তেন্তে ভুল কৰিছেঃ মুখ্যমন্ত্ৰী…

ঘোচখোৰ বিষয়া–কৰ্মচাৰী সকলক কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

জনতা ভৱনত নিযোজিত বিষয়া–কৰ্মচাৰীসকলে যদি ধন ঘটিম বুলি ভাবিছে তেন্তে ভুল কৰিছে৷

কিয়নে সচিবালত ইনকাম কোনোপধ্যে নহয়৷ কাঢ়া দৃষ্টি ৰখা হৈছে সকলোতে৷ অহা পাঁচ বছৰলৈ যদি কোনোৱাই টকা খাম বুলি ভাবিছে দুৰ্ঘটনা হ’বই।

এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘কোনো ১% সাৰি যাব পাৰে ৯৯% ধৰা পৰাটো নিশ্চিত৷

লগতে কয়- সচিবালত থকা দ’ম দ’ম ফাইল অহা দুমাহৰ ভিতৰত শেষ হ’ব লাগিব৷ ১৯৯০ চনৰ পৰা সচিবালত ফাইল জমা আছে৷ সচিবালয়ৰ কৰ্মচাৰীৰ এয়া নমুনা৷ কিন্তু বেছিদিন এই নীতি চলি নাথাকে৷ সলনি হোৱাৰ সময় আহিছে৷

দৈনিক কাম দৈনিক সম্পন্ন হ’ব লাগিব৷ টেবুলত এটা ফাইল থাকিব নোৱাৰে৷ এটা ফাইল টেবুলত থাকিলে নিশা টোপনি যাব নোৱাৰি বুলি ভাবিব পাৰিব লাগিব৷ তেতিয়াহে ৰাজ্যখনৰ উন্নয়ন হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *