অসম

উত্‍‍কোচ লৈ হাতে-লোটে ধৰা পৰিল স্বাস্থ্য বিষয়া, মৃত্যুৰ প্ৰমাণ পত্ৰৰ নামত লৈছিল ৫০০০ টকা ঘোচ…

উত্‍‍কোচ লৈ হাতে-লোটে ধৰা পৰিল স্বাস্থ্য বিষয়া।

মৃত্যুৰ প্ৰমাণ পত্ৰৰ নামত লৈছিল ৫০০০ টকা ঘোচ।

গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া হিতেশ ডেকা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত।

পাঁচ হাজাৰ টকা ঘোচ লওতেই হাতে-লুটে কৰায়ত্ত কৰা হয় হিতেশ ডেকাক।

ঘটনা অনুসৰি ৰাণীৰ এজন লোকে আত্মীয়ৰ বাবে মৃতকৰ প্ৰমাণ পত্ৰ বনাবলৈ ৰাণীৰ সামূহিক চিকিৎসালয়ত আৱেদন কৰিছিল।

তাৰ পিছতে প্ৰমাণ পত্ৰ বনোৱাৰ বাবদ চিকিৎসালয়খনৰে গ্ৰাম্য স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকাই লোকজনৰ পৰা দাবী কৰি বিচাৰিছিল ৫০০০ টকা।

ইতিমধ্যে লোকজনে পূৰ্বে ২০০০ টকা দিছিল স্বাস্থ্য নিৰীক্ষকজনক।

পুনৰ বাকী থকা ৩০০০ টকা বিচৰাত দুৰ্নীতি নিবাৰক শাখাৰ সহায়ত ঘোচ লৈ থকা অৱস্থাত ধৰা পেলাই স্বাস্থ্য নিৰীক্ষকগৰাকীক।

ঘোচখোৰ স্বাস্থ্য নিৰীক্ষকগৰাকীৰ ঘৰ শুৱালকুছিৰ ৰাজগড়ত।

ঘোচখোৰ স্বাস্থ্য নিৰীক্ষকগৰাকীৰক দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ গ্ৰেপ্তাৰ কৰি লৈ যায়।

ইফালে স্বাস্থ্য কেন্দ্ৰ্টিৰ পৰিচালনাৰ দায়িত্বত থকা অন্যান্য সকলৰো ভূমিকা ৰহস্যজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *