ৰাজ্যত সক্ৰিয় কুকুৰ সৰবৰাহ চক্ৰ! নুমলীগড় চাহ বাগিচাৰ মাজত উদ্ধাৰ বস্তাত বান্ধি থোৱা অৰ্ধশতাধিক কুকুৰ…

নিউজ ডেস্কঃ মদ, ভাং, ড্ৰাগছ নহয়; এইবাৰ ৰাজ্যত সক্ৰিয় হৈ পৰিছে কুকুৰ সৰবৰাহ চক্ৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত সময়ত উদ্ধাৰ হৈছে সৰবৰাহৰ চেষ্টা চলোৱা কুকুৰ।

image 205
ৰাজ্যত সক্ৰিয় কুকুৰ সৰবৰাহ চক্ৰ! নুমলীগড় চাহ বাগিচাৰ মাজত উদ্ধাৰ বস্তাত বান্ধি থোৱা অৰ্ধশতাধিক কুকুৰ… 6

এইবাৰ নুমলীগড় চাহ বাগিচাৰ মাজত উদ্ধাৰ হ’ল বস্তাত বান্ধি থোৱা অৰ্ধশতাধিক কুকুৰ।

image 206
ৰাজ্যত সক্ৰিয় কুকুৰ সৰবৰাহ চক্ৰ! নুমলীগড় চাহ বাগিচাৰ মাজত উদ্ধাৰ বস্তাত বান্ধি থোৱা অৰ্ধশতাধিক কুকুৰ… 7

বস্তাৰ ভিতৰত ভৰাই থোৱা কুকুৰ সমূহ বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলোৱাৰ সন্দেহ।

image 207
ৰাজ্যত সক্ৰিয় কুকুৰ সৰবৰাহ চক্ৰ! নুমলীগড় চাহ বাগিচাৰ মাজত উদ্ধাৰ বস্তাত বান্ধি থোৱা অৰ্ধশতাধিক কুকুৰ… 8

পুৱা স্থানীয় ৰাইজে কুকুৰ কেইটা চাহ বাগিচাৰ মাজত প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে, মুখ-ভৰিত বন্ধা কুকুৰ কেইটা।

image 208
ৰাজ্যত সক্ৰিয় কুকুৰ সৰবৰাহ চক্ৰ! নুমলীগড় চাহ বাগিচাৰ মাজত উদ্ধাৰ বস্তাত বান্ধি থোৱা অৰ্ধশতাধিক কুকুৰ… 9

উল্লেখ্য যে, নাগালেণ্ডৰ লগতে বহু ঠাইত কুকুৰৰ মাংসৰ চাহিদা পৰিলক্ষিত হয়।

এনে পৰিপ্ৰেক্ষিতত দুষ্ট চক্ৰই অসমৰ পৰা কুকুৰ বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ ঘটনা বৃদ্ধি পাইছে।

image 209
ৰাজ্যত সক্ৰিয় কুকুৰ সৰবৰাহ চক্ৰ! নুমলীগড় চাহ বাগিচাৰ মাজত উদ্ধাৰ বস্তাত বান্ধি থোৱা অৰ্ধশতাধিক কুকুৰ… 10

কিছুদিন পূৰ্বে গুৱাহাটীৰ সোণাপুৰতো পথৰ দাঁতিত উদ্ধাৰ হৈছিল বস্তাত বান্ধি থোৱা কেইবাটাও কুকুৰ।