১৭ বছৰত বিয়া, ২১ বছৰত মাতৃত্ব! অশেষ প্ৰত্যাহ্বান নেওচি শৈশৱত দেখা খাকী পোছাকযোৰৰ সপোন অৱশেষত পূৰণ হ’ল হেমলতাৰ…

নিউজ ডেস্কঃ লক্ষ্য সুদৃঢ় হ’লে সফলতা সহজ হৈ পৰে।

শেহতীয়াকৈ সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে বাল্য বিবাহৰ দৰে প্ৰথাৰ বলি হৈও নিজৰ লক্ষ্যত অটল হৈ থকা এগৰাকী মহিলাই।

শৈশৱত যেতিয়া খাকী পোছাক পিন্ধা আৰক্ষীক দেখিছিল, তেতিয়াই এদিন আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছিল ৰাজস্থানৰ এখন অতি ভিতৰুৱা গাঁও ছাৰনু চীমঞ্জী গাঁৱৰ হেমলতাই।

কিন্তু কৃষক পৰিয়ালৰ কন্যা হেমলতা চৌধুৰীৰ বাবে এই সপোন পূৰণ কৰাটো সহজ মুঠেও নাছিল। দৈনিক ১৮ কিলোমিটাৰ খোজ কাঢ়ি তেওঁৰ বিদ্যালয়লৈ যাবলগীয়া হৈছিল।

image 203
১৭ বছৰত বিয়া, ২১ বছৰত মাতৃত্ব! অশেষ প্ৰত্যাহ্বান নেওচি শৈশৱত দেখা খাকী পোছাকযোৰৰ সপোন অৱশেষত পূৰণ হ’ল হেমলতাৰ… 4

আনহাতে এখন ভিতৰুৱা ৰক্ষণশীল গাঁৱৰ হোৱা হেতুকে অইন ছোৱালীৰ দৰেই হেমলতাকো সৰুতেই বিয়া দি ঘৰৰ পৰা উলিয়াই দিছিল পিতৃ-মাতৃয়ে।

হেমলতা চৌধুৰীৰ সপোন পূৰণ কৰাৰ সুযোগ নাছিল স্বামীগৃহতো। স্বামী পৰিয়ালৰ বাধ্য বাধকতাৰে চলি চাৰিবেৰৰ মাজত তেওঁ পাৰ কৰিবলগীয়া হৈছিল সময়।

বিয়াৰ ৪ বছৰ পিছত তেওঁ এটি কন্যা সন্তানৰো মাতৃত্বৰ গৌৰৱ লাভ কৰে।

কন্যাৰ জন্মৰ পিছতে গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰ এটাত মাহে ৩৫০০ টকাৰ দৰমহাৰে অংগনৱাড়ী কৰ্মী হিচাপে যোগদান কৰে হেমলতাই।

আৰু সেই সময়তে তেওঁ পুনৰ তেওঁৰ আধৰুৱা শিক্ষা সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লয়।

কন্যাৰ শিক্ষাৰ লগতে নিজেও স্নাতক শিক্ষাত নামভৰ্তি কৰি অৱশেষত স্নাতক শিক্ষা সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় হেমলতাই।

সৰুতে দেখা খাকী পোছাকযোৰৰ সপোন পূৰ কৰিবলৈ অধ্যয়নৰ মাজে মাজেই প্ৰস্তুতি চলাই গৈছিল হেমলতা চৌধুৰীয়ে। তেওঁ অংগনৱাড়ী কৰ্মী হিচাপে কৰ্মৰত হৈ থকা সময়তে ২০১৫ চনত আৰক্ষী কনিষ্টবল পৰীক্ষাত অৱতীৰ্ণ হয়।

image 204
১৭ বছৰত বিয়া, ২১ বছৰত মাতৃত্ব! অশেষ প্ৰত্যাহ্বান নেওচি শৈশৱত দেখা খাকী পোছাকযোৰৰ সপোন অৱশেষত পূৰণ হ’ল হেমলতাৰ… 5

কিন্তু শাৰীৰিক জোখ নিমিলাৰ বাবে তেওঁ সেইবাৰ ব্যৰ্থ হয়। তথাপি পৰাজয় স্বীকাৰ নকৰি ন উদ্যমেৰে পুনৰ প্ৰস্তুতি আৰম্ভ কৰে হেমলতাই।

ফলস্বৰূপে ২০২১ চনৰ আৰক্ষী উপ পৰিদৰ্শকৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা অৰ্জন কৰে হেমলতাই। তাৰ পিছতে ৯ জুলাইত তেওঁ জয়পুৰৰ ৰাজস্থান পুলিচ একাডেমীত যোগদান কৰে।

ইফালে শৈশৱৰ পৰাই দেখি অহা আৰক্ষী বিষয়া হোৱাৰ সপোন পূৰ্ণ হোৱাৰ পিছতে খাকী পোছাক পিন্ধি প্ৰথমবাৰৰ বাবে জন্মগাঁৱত উপস্থিত হয় হেমলতা চৌধুৰী।

hemlata 2
১৭ বছৰত বিয়া, ২১ বছৰত মাতৃত্ব! অশেষ প্ৰত্যাহ্বান নেওচি শৈশৱত দেখা খাকী পোছাকযোৰৰ সপোন অৱশেষত পূৰণ হ’ল হেমলতাৰ… 6

গাঁওখনৰ ৭ হাজাৰ জনসংখ্যাৰ ভিতৰত প্ৰথমগৰাকী মহিলা এছ আই হিচাপে নিৰ্বাচিত হোৱা হেমলতাক লৈ গাঁওবাসীৰ মাজত দেখা পোৱা যায় ব্যাপক উছাহ।

হেমলতাৰ তিনি ভাতৃয়ে তেওঁক কান্ধত তুলি এছ আই হোৱাৰ আনন্দত গোটেই গাঁও ঘূৰায় আৰু পুস্পবৃষ্টি কৰি আনন্দ উল্লাস ব্যক্ত কৰে।

১৭ বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হৈ ২১ বছৰ বয়সত এটি কন্যা সন্তানৰ মাতৃ হোৱা হেমলতাৰ জীৱন সংগ্ৰামে আজি অনুপ্ৰাণিত কৰিছে অনেক জনক।