ৰাজ্যত পুনৰ মুন্নাভাই ৰূপী ভুৱা চিকিৎসক আটক, ৰাইজৰ ৰোষত স্বয়ম্ভূ MBBS ৰুপচন আলী…

ৰাজ্যত পুনৰ মুন্নাভাই ৰূপী ভুৱা চিকিৎসক আটক।

এইবাৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত তেতেলীয়াত ওলাইছে মুন্নাভাই ৰূপী ভুৱা চিকিৎসক।

মুকলিভাৱে বজাৰত এলোপেথিক দৰৱ বিক্ৰী কৰি ৰাইজৰ ৰোষত স্বয়ম্ভূ চিকিৎসক ৰুপচন আলী

“চিডিউল এইছ ড্ৰাগ” তালিকাভূক্ত দৰৱ অনুজ্ঞাপত্ৰ বিহীন ভাৱে বজাৰত বিক্ৰী কৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি সোধ-পোচ কৰাত ওলাই পৰে উৰহীৰ ওৰ।

দশম শ্ৰেণীলৈ অধ্যয়ন কৰা বুলি ৰাইজৰ সন্মুখত স্বীকাৰোক্তি দিয়া এই স্বয়ম্ভূ এম বি বি এচক অৱশেষত দৰৱ সহ ক্ষেত্ৰী আৰক্ষীক চমজাই দিয়ে ৰাইজে।

ইতিমধ্যে ক্ষেত্ৰী আৰক্ষী ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

মন কৰিবলগীয়া যে সাপ্তাহিক বজাৰ সমূহত এই মুন্নাভাইৰূপী ৰূপচনে একাংশ লোকৰ জীৱনৰ সৈতে হেতালি খেলি দৰৱৰ ব্যৱসায় চলাই আহিছিল।