অসমীয়াআন্তঃৰাষ্ট্ৰীয়

চৰাই হোৱা হ’লে… ড্ৰোণত উঠি সমগ্ৰ চহৰ ঘূৰিলে এজন যুৱকে, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ চৰাইৰ দৰে আকাশত বিচৰণ কৰাৰ ইচ্ছা কাৰনো নাথাকে? সেই ইচ্ছাৰ বাবেই এদিন দেৱতাৰ পুস্পৰথে প্ৰাণ পাই উঠিছিল। আকাশত উৰাৰ দুৰ্বাৰ হাঁবিয়াসৰ বাবেই এদিন আবিস্কাৰ ঘটিছিল বিমান, হেলিকপ্টাৰ আদিৰ দৰে যুগান্তকাৰী সৃষ্টিৰ।

আনহাতে, ঈগল চৰাইৰ চকুৰে পৃথিৱীখন চোৱাৰ ইচ্ছাও মানুহৰ লাহে লাহে পূৰণ হৈছে। ড্ৰোণৰ আৱিস্কাৰৰ লগে লগে ড্ৰোণ কেমেৰাৰে দৃশ্যগ্ৰহণ কৰা হ’ল চিনেমাৰ। অৱশ্যে ড্ৰোণ কেৱল আকাশমাৰ্গৰ পৰা দৃশ্য গ্ৰহণৰ বাবেহে ব্যৱহাৰ হৈ আহিছিল। কিন্তু এইবাৰ ড্ৰোণৰ ওপৰত উঠি বিচৰণ কৰাৰ সপোনো পূৰণ হল মানুহৰ।

image 182

আমেৰিকাৰ হাণ্টাৰ কোৱাল্ড নামৰ এজন যুৱকে ড্ৰোণৰ পিঠিত উঠি আকাশত উৰাৰ অনন্য অভিজ্ঞতা নিজেই বৰ্ণনা কৰিছে। আমেৰিকাৰ নিউয়ৰ্ক চহৰত এখন ডিভাইন ড্ৰোনত শূণ্যত উৰি ফুৰা হাণ্টাৰৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

নিউয়ৰ্ক চহৰৰ বাসিন্দা হাণ্টাৰ কোৱাল্ড। তেওঁ নিজৰ আচৰিত বাহনখনৰ নাম ৰাখিছে ‘দ্য স্কাইছাৰ্ফাৰ’। সেই বাহনখনেৰে যুৱকজনে নিজৰ গৃহ চহৰত উৰি ফুৰিছে। যি দৃশ্যই হতচকিত কৰিছে সকলোকে।

image 184

শেহতীয়াকৈ হাণ্টাৰে নিজেই টুইটাৰ হেণ্ডেলত তেওঁৰ এই উৰণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে মুহূৰ্তৰ ভিতৰত ভাইৰেল হৈ পৰে। ভিডিঅ’টোত দেখা গৈছে যে হাণ্টাৰে হেলমেট পিন্ধি চহৰত উৰি ফুৰিছে। তলত ৰাজপথেৰে যাত্ৰা কৰি আছে অসংখ্য বাহন। হলিউডৰ কল্পবিজ্ঞান চিনেমাৰ দৰেই অতি উপভোগী আছিল সেই দৃশ্য।

image 183

হাণ্টাৰে কয় যে তেওঁ সৰুৰে পৰাই উৰাজাহাজ চলোৱাৰ প্ৰতি আকৰ্ষিত হৈ আহিছে। হাণ্টাৰৰ পিতৃ এজন অনুজ্ঞাপত্ৰপ্ৰাপ্ত পাইলট। হাণ্টাৰে নিজেও স্কেটিং কৰে। সেইবাবে তেওঁ তেওঁৰ বিশেষ উৰণক্ষম বাহনখন উৰণীয়া স্কেটিংবৰ্ড বুলিয়েই ক’ব খোজে। হাণ্টাৰে কয়, “মই ভাবো যে এখন বাহনৰ ধাৰণাটো ইতিমধ্যে মোৰ মূৰত আছিল। তদুপৰি উৰণৰ প্ৰতি থকা মোৰ আকৰ্ষণ দীৰ্ঘদিনীয়া।”

যুৱকজনৰ মতে, এই বিশেষ বাহনখন সাজু কৰি তুলিবলৈ তেওঁক কেইবামাহো লাগিছিল। এটা এটাকৈ প্ৰয়োজনীয় অংশ যোগান কৰি শ্বেলফ থকা এখন বাহন তেওঁ প্ৰস্তুত কৰি উলিয়াইছিল। প্ৰথমবাৰৰ বাবে এখন আড়ম্বৰপূৰ্ণ বাহনত উৰণৰ অভিজ্ঞতা ৰোমাঞ্চকৰ আছিল বুলি কয় যুৱক হাণ্টাৰ কোৱাল্ডে। তেওঁ লগতে এয়াও কয় যে উৰণৰ সময়ত শাৰিৰীক ভাৰাসাম্য ৰক্ষা কৰাৰ বাবে তেওঁৰ স্নোবৰ্ডিঙৰ অভিজ্ঞতা উপযোগী হৈ আহিছে। যাৰ বাবে এই উৰণ কিছু কঠিন বুলিও মন্তব্য কৰে হাণ্টাৰে।