মহাসংকটত মহাৰাষ্ট্ৰৰ শিৱসেনা চৰকাৰ! ১৯ বিধায়কক লগত লৈ সন্ধানহীন মন্ত্ৰী একনাথ শিণ্ডেৰ

নিউজ ডেস্কঃ তীব্ৰ সংকটত মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে নেতৃত্বাধীন ত্ৰিদলীয় চৰকাৰ! এম এল চি নিৰ্বাচনত বিজেপিৰ হাতত পৰাস্ত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে শিৱসেনা বিভাজিত হোৱাৰ আশংকাই দেখা দিছে।

জানিব পৰা মতে, দলটোৰ শীৰ্ষ নেতা তথা মন্ত্ৰী একনাথ শিণ্ডেয়ে নিজৰ অনুগামীসকলৰ সৈতে গুজৰাটৰ চুৰাটৰ এখন হোটেলত বাহৰ পাতিছে। বাতৰি অনুসৰি, ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা শিৱসেনাৰ নেতাগৰাকীয়ে মুঠ ১৯ জন বিধায়কক লগত লৈ বাহৰ পাতিছে গুজৰাটৰ হোটেলত

দলৰ ১৯ গৰাকী বিধায়কক লগত লৈ একনাথ শিণ্ডে এনেদৰে নিৰুদ্দেশ হোৱাক লৈ এতিয়া হৈ-চৈ লাগিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত। ৰাজস্থান, মধ্যপ্ৰদেশৰ দৰে এইবাৰ মহাৰাষ্ট্ৰতো শিৱসেনা নেতৃত্বাধীন চৰকাৰৰ পতন ঘটাৰ আশংকা ক্ৰমাৎ বৃদ্ধি পাইছে।

বাতৰি অনুসৰি সোমবাৰে এমএলচি নিৰ্বাচনৰ কিছু সময়ৰ পিছতে একনাথ শিণ্ডেয়ে বিধায়কসকলৰ সৈতে চুৰাটৰ এখন পঞ্চ তাৰকা হোটেলত আত্মগোপন কৰে। অৱশ্যে শিৱসেনাই এই বাতৰি অস্বীকাৰ কৰে। শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে দাবী কৰা মতে, একনাথ শিণ্ডেৰ সন্ধান পোৱা গৈছে।

image 185
মহাসংকটত মহাৰাষ্ট্ৰৰ শিৱসেনা চৰকাৰ! ১৯ বিধায়কক লগত লৈ সন্ধানহীন মন্ত্ৰী একনাথ শিণ্ডেৰ 2

ৰাউটে কয়, “ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ দৰে ইয়াতো ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। উদ্ধৱ ঠাকৰেৰ চৰকাৰ উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কিন্তু শিৱসেনাৰ নেতাসকল সকলো আনুগত্যশীল। তেওঁলোক সকলোৱে আনুগত্যশীল হৈ থাকিব।”

ইফালে সমগ্ৰ ঘটনাৰ বাবে মহাৰাষ্ট্ৰৰ কেইবাটাও অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বাসগৃহৰ সন্মুখতো মোতায়েন কৰা হৈছে এক বিশাল আৰক্ষী বাহিনী।

উল্লেখ্য যে, ২০ জুনত প্ৰকাশিত এমএলচি নিৰ্বাচনত ৰাজ্যসভাৰ নিৰ্বাচনৰ দৰেই বিজেপিৰ হাতত নতি স্বীকাৰ কৰিবলগীয়া হ’ল শাসকীয় জোঁটটোৱে। ১০ খন আসনৰ ভিতৰত বিজেপিয়ে ৫ খন আসন লাভ কৰে। এম এল চি নিৰ্বাচনত প্ৰতিখন আসন লাভ কৰিবলৈ ২৬ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন আছিল।

বিধানসভাত থকা শক্তি অনুসৰি বিজেপিৰ চাৰিজন প্ৰাৰ্থী আৰু মিত্ৰজোঁটৰ ৬জন প্ৰাৰ্থীৰ জয় নিশ্চিত আছিল। কিন্তু ফলাফল ঘোষণা কৰাৰ পাছতে বিজেপিয়ে ৫ খন আসন লাভ কৰে। প্ৰাপ্ত তথ্য মতে, পঞ্চমখন আসন লাভ কৰা বিজেপিৰ প্ৰাৰ্থীজনক সমৰ্থন জনাইছিল সৰু সৰু দলৰ বিধায়কৰ উপৰিও মিত্ৰজোঁটৰ কেইবাজনো বিধায়কেও।

জানিব পৰা মতে, মিত্ৰজোঁট চৰকাৰৰ একাংশ বিধায়কে ক্ৰছ ভোটিং কৰি বিজেপিক জয়ী হোৱাত সহায় কৰিছিল। আৰু তাৰ পিছতে একনাথ শিণ্ডে আৰু তেওঁৰ অনুগামীসকলে চুৰাটৰ এখন হোটেলত আশ্ৰয় লোৱাৰ খবৰ পোহৰলৈ অহাত মহাৰাষ্ট্ৰৰ চৰকাৰ ভংগ হোৱাৰ জল্পনা কল্পনা আৰম্ভ হৈছে।