অসম

ৰাজ্যত পুনৰ ধুমুহাৰ তাণ্ডৱ! চলন্ত গাড়ীৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ, দুজন আহত…

নিউজ ডেস্ক। ৰাজ্যত পুনৰ ধুমুহাৰ তাণ্ডৱ।

কাছাৰৰ কাটিগড়াত ধুমুহাৰ তাণ্ডৱ৷

ধুমুহাৰ ফলত প্ৰকাণ্ড গছ গাড়ীত উভালি পৰি গুৰুতৰভাৱে আহত দুজন লোক৷

হঠাৎ আহা ধুমুহাত কাছাৰৰ কাটিগড়াত ব্যাপক ক্ষতিসাধন হয়।

p4 10

হঠাৎ আহা ধুমুহাত এডাল গছ উভালি চলন্ত বাহনৰ ওপৰত পৰি গুৰুতৰ আহত হৈছে দুজনকৈ লোক৷

আহত দুজনৰ মাজত এজন পূৰ্বকাটিগড়া জিলা পৰিষদ সদস্যৰ স্বামী নজমূল হক বুলি জানিব পৰা গৈছে৷ লগতে আহত হৈছে তেওঁৰ চালক৷

ঘটনাৰ পাছতে স্থানীয় লোক সকলে ক্ষতবিক্ষত বাহন খনৰ পৰা লোক দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইপিনে হঠাতে অহা এই ধুমুহাত শিলচৰ কাটিগড়া পথৰ বিভিন্ন স্থানত গছ উভালি পৰাৰ ফলত পথটোৰ যোগাযোগ ব্যবস্থা বহুসময় ধৰি প্ৰায় বিছিন্ন হৈ পৰে।

লগতে চাওকঃ

এইবাৰ JCB ৰে ২৭ লাখ টকাসহ ATM উঠাই নিলে চােৰে! সামাজিক মাধ্যমত ভাইৰেল আজব চুৰিকাণ্ড

G6 6

Leave a Reply

Your email address will not be published. Required fields are marked *