ৰাজ্যত পুনৰ গজৰাজৰ কৰুণ মৃত্যু, বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ…

ৰাজ্যত পুনৰ গজৰাজৰ মৃত্যু।

এইবাৰ নামৰূপৰ থাৰ্মেলত সংঘটিত হৈছে বন্যহস্তীৰ মৃত্যুৰ ঘটনা।

ডিব্ৰুগড় জিলাৰ নামৰূপৰ থাৰ্মেলত উদ্ধাৰ হৈছে এই মৃত বন্যহস্তীটো।

এটা জলাশয়ৰ ওচৰত উদ্ধাৰ হৈছে হাতীটোৰ মৃতদেহ।

বিদ্যুৎস্পৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ বন বিভাগৰ।

মৃত হাতীটোৰ দেহত বিদ্যুৎস্পৃষ্ট হোৱাৰ চিন স্পষ্ট।