চাঞ্চল্যকৰ! ঘৰৰ ভিতৰত থকা অৱস্থাতে মহিলাৰ ভৰিত লাগিল গুলী, কথমপি প্ৰাণৰক্ষা…

এক চাঞ্চল্যকৰ ঘটনা।

ঘৰৰ টিনপাত ফুটি ভৰিত গুলী আহত এগৰাকী মহিলা।

চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰীত সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।

জানিব পৰা মতে, পাণবাৰী শিল কোৱেৰীৰ সমীপৰ প্ৰয়াত বিছা গোৱালাৰ ঘৰৰ চালৰ টিন ফুটাই হঠাৎ এটা গুলী আহি ঘৰৰ ভিতৰত থিয় হৈ থকা প্ৰয়াত বিছা গোৱালাৰ বোৱাৰীৰ বাঁও ভৰিত আহত কৰে।

মহিলাগৰাকীৰ লগত থকা এটি শিশু কথমপি গুলীবিদ্ধ হোৱাৰ পৰা ৰক্ষা পৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে।

চৰাইদেউৰ বৰহাট পাণবাৰীৰ নিৱাসী সুৰুষ গোৱালাৰ পত্নী আৰতি গোৱালা (২৪) নিজা বাসগৃহত থকা অৱস্থাত ঘৰৰ টিনপাত ফুটি ভৰিত গুলী লগাৰ ফলত মহিলাগৰাকীয়ে ঘটনাস্থলীতে ঢলি পৰে।

 লগে লগে মহিলাগৰাকীক পৰিয়ালৰ লোকে হাস্পতাললৈ লৈ যায়।

ইতিমধ্যে ঘটনাস্থলীত বৰহাট আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ গুলীটো উদ্ধাৰ কৰে।

কিন্তু মহিলাগৰাকীৰ ভৰিত কেনেকৈ গুলী লাগিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

এই ঘটনাৰ পিছতে, এগৰাকী সাধাৰণ দিন হাজিৰা কৰি খাটি খোৱা এগৰাকী মহিলাক লক্ষ্য কৰি ভৰিত গুলী কৰা হৈছিলনে? নে লক্ষ্যভ্রষ্ট হৈ গুলী লাগিল, গুলী কোনে চলাইছিল, অঞ্চলটোত অবৈধ মাৰণাস্ত্ৰ কোনে মজুত কৰি ৰাখিছে, কোনো উগ্রপন্থী গোপনে আশ্ৰয় লৈছে নেকি ইত্যাদি বিভিন্ন প্রশ্ন উদয় হৈছে।