শোকাৱহ পথ দুৰ্ঘটনা! ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা হোণ্ডাই বাহনৰ, থিতাতে প্ৰাণ হেৰুৱালে মানসে…

এক অতি শোকাৱহ পথ দুৰ্ঘটনা।

ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা হোণ্ডাই বাহনৰ। এজন যুৱকৰ মৃত্যু।

নগাঁৱৰ উৰিয়াগাঁও বাইপাচত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত থিতাতে প্ৰান হেৰুৱালে চাৰিচকীয়া বাহনখনৰ চালক মৰিকলঙ বৰঘাটৰ মানস বৰা নামৰ এজন যুৱকে।

বৃহস্পতিবাৰে নিশা প্ৰায় ১ বাজি ৩০ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

photo 2022 10 14 17 22 07
শোকাৱহ পথ দুৰ্ঘটনা! ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা হোণ্ডাই বাহনৰ, থিতাতে প্ৰাণ হেৰুৱালে মানসে... 3

এখন হোণ্ডাই আই-১০ গাড়ীয়ে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় ৷

হোণ্ডাই গাড়ীখনে প্ৰচণ্ড জোৰত ট্ৰাকৰ পিছত খুন্দা মৰাৰ ফলত গাড়ীখনৰ সন্মুখৰ অংশ সম্পূৰ্ণ ভাবে বিধ্বস্ত হৈ চালকৰ আসনত থকা মানস বৰাক হেচা মাৰি ধৰে ৷

লগে লগে স্থানীয় ৰাইজে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি উদ্ধাৰ অভিযানত নামে যদিও ইতিমধ্যে যুৱকজনে মৃত্যুক আকোৱালী লয় ৷

নিশাই যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ আনে আৰু শুকুৰবাৰে দিনত মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে ৷

মানস বৰা টেলিকম কোম্পানী এয়াৰটেলৰ কৰ্মচাৰী আছিল ৷

লগতে চাওকঃ

দুৰ্গা পূজাত ছুটী লৈ স্বগৃহলৈ অহা তামাৰহাটৰ সেনা জােৱান অশােক ৰায়ৰ পথ দুৰ্ঘটনাত শােকাৱহ মৃত্যু, সামৰিক মৰ্য্যদাৰে সম্পন্ন শেষকৃত্য

G3 2
শোকাৱহ পথ দুৰ্ঘটনা! ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা হোণ্ডাই বাহনৰ, থিতাতে প্ৰাণ হেৰুৱালে মানসে... 4