অসম

ৰাজ্যত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ, এইখন বিদ্যালয়ৰ ২২ গৰাকী শিক্ষাৰ্থী ক’ভিড পজিটিভ…

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পুনৰ আৰম্ভ হৈছে ক’ভিডৰ ভয়াৱহ সংক্ৰণ।

সিৱসাগৰৰ এখন বিদ্যালয়ৰ ২২ গৰাকীকৈ ছাত্র-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি।

আমগুৰিৰ নামতিৰ দিকচু অঞ্চলৰ দিকচু উচ্চমাধ্যমিক বিদ্যালয়ৰ ২২গৰাকী শিক্ষাৰ্থী ক’ভিড পজিটিভ।

বৃহস্পতিবাৰে বিদ্যালয়খনৰ ২ গৰাকীকৈ শিক্ষকৰ দেহত ধৰা পৰিছিল ক’ভিডৰ সংক্ৰমণ।

ইয়াৰ পিছতে শুক্ৰবাৰে কালুগাঁও উপস্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা বিদ্যালয়খনত দশম শ্ৰেণীৰ ৯২ গৰাকী ছাত্র ছাত্ৰীৰ ক’ভিড পৰীক্ষা চলাই থকা হৈছে।

ইতিমধ্যে ৪০ গৰাকী ছাত্র ছাত্ৰীৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতেই ২২ গৰাকী ছাত্র-ছাত্ৰীৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে।

ইয়াৰ পাছতে বিদ্যালয়খনত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

বিদ্যালয়খনত কালিলৈ ছমহীয়া পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এনে ভয়াবহ পৰিস্থিতিত বিদ্যালয় কৰ্তৃপক্ষ বিমোৰত পৰিছে।

উল্লেখ্য যে, নামতিৰ আন কেইবাখনো বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ দেহত ক’ভিড সংক্ৰমণ হোৱা বুলি তথ্য পোৱা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *