অসম

উমৰাংছুৰ ‘ফালকন মহোৎসৱ’ সমিতিলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি GMCৰ…

গুৱাহাটী পৌৰ নিগমে জাৰি কৰা ৰাজহুৱা সম্পত্তি বিকৃতকৰণ অধিসূচনা উলংঘাৰে ছুপাৰ মার্কেট উৰণীয়া সেতুত আঁৰি থোৱা বেনাৰ বৃহস্পতিবাৰে উচ্ছেদ কৰা হয়৷

গুৱাহাটী পৌৰ নিগমৰ প্রৱর্তন শাখাই এই বেনাৰখন উচ্ছেদ কৰি ৰাজহুৱা সম্পত্তি বিকৃতকৰণৰ অভিযোগত সংশ্লিষ্ট কর্তৃপক্ষক তিনি দিনৰ ভিতৰত কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰে৷

অহা তিনি দিনৰ ভিতৰত উপযুক্ত কাৰণ দর্শাব নোৱাৰিলে প্রতিষ্ঠানটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি জিএমচিৰ এক সূত্রই সদৰী কৰে৷

উল্লেখ্য যে ডিমা হাছাও জিলাৰ উমৰাংছু’ত অনুষ্ঠিত হ’বলগীয়া ‘ফালকন মহোৎসৱ’ উদযাপন সমিতিয়ে চলিত বর্ষৰ ফালকন মহোৎসৱ সম্পর্কীয় বেনাৰখন ছুপাৰ মার্কেটৰ উৰণীয়া সেতুত আঁৰি পৰিৱেশ বিনষ্ট কৰিছিল বুলি জিএমচিৰ সূত্রটোৱে জানিবলৈ দিছে৷

উল্লেখ্য যে অলপতে মুকলি কৰা উৰণীয়া সেতুখনত একাংশ কাণ্ডজ্ঞানহীন লোকে পিক্ পেলোৱাৰ লগতে বেনাৰ–পোষ্টাৰ আঁৰি লেতেৰা কৰা পৰিলক্ষিত হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *