অসম

ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান, ৫ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত দুজন…

ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান।

আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

আন্তঃৰাষ্ট্ৰীয় বজাৰত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।

ড্ৰাগছসহ নগদ ৪৫ হাজাৰ টকা জব্দ কৰিছে যোৰাবাট আৰক্ষীয়ে।

মণিপুৰৰ পৰা এখন ট্ৰাকত আনি থকা অৱস্থাত গোপন সূত্ৰৰ পমখেদি জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

ইতিমধ্যে দুজন সৰবৰাহকাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *