অসম

সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন! ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২৫ টকাকৈ বৃদ্ধি…

পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন।

পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা দেশবাসীৰ ওপৰত এইবাৰ ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে শোধাইছে মাধমাৰ।

পেট্র’লিয়াম কোম্পানীসমূহে প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ২৫ টকাকৈ বৃদ্ধি কৰিছে।

ইয়াকে লৈ প্রতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য দেশৰ ৰাজধানী দিল্লীত ৮৫৯.৫০ টকালৈ বৃদ্ধি পালে৷

যোৱা ১ জুলাইত প্রতিটো চিলিণ্ডাৰৰ মূল্য ২৫.৫০ টকাকৈ বৃদ্ধি কৰাৰ এমাহৰ মূৰত পুনৰ সেই চিলিণ্ডাৰত ১৭ আগষ্টৰ পৰা কার্যকৰী হোৱাকৈ ২৫ টকা বৃদ্ধি কৰিলে৷

ক্রমাগত দুটা মাহত দুবাৰকৈ ঘৰুৱা ৰন্ধন গেছৰ ১৪.২ কেজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে।

গুৱাহাটী মহানগৰীত এই চিলিণ্ডাৰৰ মূল্য হৈছে ৮৮৩.৫০ টকা।

অৱশ্যে ৰাজ্যখনৰ বিভিন্ন প্রান্তত এই চিলিণ্ডাৰৰ মূল্য পৃথক৷

উল্লেখ্য যে চলিত বর্ষৰ ১ জানুৱাৰীৰ পৰা ১৭ আগষ্টলৈকে প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত ১৬৫ টকা বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *