অসম

এতিয়াৰে পৰা ডিটেনচন কেম্পসমূহৰ নতুন নাম হ’ব ট্ৰেনজিত কেম্প…

ৰাজ্যত চিনাক্ত হোৱা বিদেশী সকলক ৰখাৰ বাবে নিৰ্মাণ কৰা ডিটেনশ্যন চেণ্টাৰৰ নাম সলনি।

এতিয়াৰে পৰা ডিটেনচন কেম্পসমূহৰ নতুন নাম হ’ব ট্ৰেনজিত কেম্প।

বিদেশী বিতাৰণৰ উদ্দেশ্যৰে নিৰ্মাণ হোৱা ডিটেনশ্যন চেণ্টাৰ সমূহক বিতাৰণৰ স্বাৰ্থতে ‘ট্ৰেনজিত কেম্প’ হিচাপে নামাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক জাননীযোগে এই কথা সদৰি কৰিছে।

উল্লেখ্য যে, অসমত ৬টা ডিটেনচন কেন্দ্ৰ পৰিচালনা হৈ আছে। এই কেন্দ্ৰসমূহ অস্থায়ীভাৱে ডিব্ৰুগড়, যোৰহাট, গোৱালপাৰা, কোকৰাঝাৰ, শিলচৰ আৰু তেজপুৰৰ কেন্দ্রীয় কাৰাগাৰত প্ৰতিষ্ঠা কৰা হৈছিল।

আনহাতে গোৱালপাৰা জিলাৰ মাটিয়াত ৪৫০০ বন্দী ৰাখিব পৰা এটা বৃহৎ ডিটেনচন কেন্দ্ৰ নিৰ্মীয়মান অৱস্থাত আছে।

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হোৱাৰ পাছত ২০১৪ চনত কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰ সমূহক প্ৰতিখন ৰাজ্যত অন্তত এটাকৈ ডিটেনশ্যন চেণ্টাৰ নিৰ্মাণ কৰাৰ বাবে আহ্বান জনাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *