ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী সাব্যস্ত এ জি পেৰাৰিভালনক জামিন উচ্চতম ন্যায়ালয়ৰ…

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী সাব্যস্ত এ জি পেৰাৰিভালনক জামিন লাভ।

উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এ জি পেৰাৰিভালনক জামিন প্ৰদান কৰে।

পেৰাৰিভালন জামিনৰ বাবে যোগ্য হয় নে নহয় সেই বিষয়টো শীৰ্ষ আদালতৰ বিবেচনাধীন আছিল কিয়নো ৰাজ্যপালে এতিয়াও কাৰাগাৰৰ পৰা মুক্তি বিচৰা তেওঁৰ আবেদনৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ অধ্যক্ষতাত এখন বিচাৰপীঠে কয় যে – যিহেতু তেওঁ ইতিমধ্যে ৩০ বছৰতকৈও অধিক সময় ধৰি কাৰাগাৰত কটাইছে, সেয়েহে অতিৰিক্ত ছলিচিটৰ জেনেৰেল কে এম নটৰাজৰ তীব্ৰ বিৰোধিতা স্বত্বেও তেওঁ জামিনৰ যোগ্য বুলি আমি বিবেচনা কৰো।

শীৰ্ষ আদালতখনৰ মতে, তেওঁ ৩০ বছৰ ধৰি জেলত বন্দী হৈ আছে। তেওঁৰ আচৰণ সন্তুষ্টিদায়ক।

উল্লেখ্য, পেৰাৰিভালনে ২০১৫ চনত ক্ষমা বিচাৰি কৰা আবেদন মৰ্মে তামিলনাডুৰ আইএডিএমকে চৰকাৰে গোচৰটোৰ সাতজন দোষীক মুক্তি দিয়াৰ নিৰ্দেশ দিছিল।

২০১৫ চনত পেৰাৰিভালনৰ দ্বাৰা আবেদন কৰা ক্ষমা প্ৰাৰ্থনাৰ অনুৰোধ ৰাজ্যপালৰ দ্বাৰা বিবেচনা কৰা হোৱা নাছিল। এনে অৱস্থাত তেওঁক জামিন দিয়া কথাটো বিবেচনা কৰি উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত লয়।

ন্যায়াধীশ বি আৰ গাভাইক লৈ গঠিত বিচাৰপীঠখনে উল্লেখ কৰে যে, পেৰাৰিভালনৰ ৩২ বছৰ কাৰাবাস ৰখাৰ বিষয়ে কোনো বিবাদ নাই আৰু আদালতক জনোৱা হৈছিল যে, তেওঁক আগতে দুবাৰ পেৰলত মুকলি কৰা হৈছিল।

উল্লেখ্য, ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হোৱাৰ সময়ত পেৰাৰিভালনৰ বয়স আছিল ১৯ বছৰ।

তেওঁৰ বিৰুদ্ধে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যা কৰা বেল্ট বোমা ৰখাৰ বাবে ব্যৱহৃত ৮ ভল্টৰ বেটাৰী ক্ৰয় কৰাৰ অভিযোগ আছিল।

ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত এক নিৰ্বাচনী জনসভাৰ সময়ত এলটিটিইৰ দ্বাৰা এক আত্মঘাতী আক্ৰমণত হত্যা কৰা হৈছিল।

পেৰাৰিভালনক প্ৰথম অৱস্থাত মৃত্যুদণ্ডৰ ৰায়দান কৰা হৈছিল যদিও ২০১৪ চনত তেওঁৰ আৰু আন দুজন অভিযুক্ত মুৰুগান আৰু সান্থানক মৃত্যুদণ্ডৰ ৰায় যাৱজ্জীৱন কাৰদণ্ডলৈ পৰিৱৰ্তন কৰা হয়।

Leave a Comment