অসমীয়াঅসম

কলেজলৈ যােৱাৰ পথত ট্ৰাকৰ খুন্দাত কৰুণ মৃত্যু অভিজিতৰ…

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনাই জােকাৰি গ’ল ৰহাৰ গড়মাৰী অঞ্চল।

বালিভৰ্তি ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ হেৰুওৱা পুত্ৰৰ মৃতদেহৰ কাষত হিয়াভৰা কান্দােনত পিতৃৰ।

G4 6

কলেজলৈ যােৱাৰ পথত ৰহাৰ গড়মাৰীত সংঘটিত এই দুৰ্ঘটনাত মৃত্যু ঘটে ৰহা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ অভিজিৎ নাথৰ।

মৃত ছাত্ৰজনৰ ঘৰ ৰহাৰ গছপাৰ গৰোৱানীপাৰত।

জানিব পৰা মতে, বুধবাৰে পুৱা বাইকেৰে (এএছ০২এ এফ৪১৮৪) কলেজলৈ যােৱাৰ পথত এখন বালি ভৰ্তি ট্ৰাকৰ সৈতে সংঘৰ্ষত ছাত্ৰজনৰ মৃত্যু ঘটে।

ঘটনাৰ খবৰ লাভ কৰি তাত উপস্থিত হােৱা পিতৃয়ে মৃতদেহৰ কাষতে হুকহুকাই কান্দিবলৈ ধৰে।

এই দৃশ্য তাত উপস্থিত থকা সকলােৰে চকু সেমেকাই তােলে।

লগতে চাওকঃ

প্ৰশিক্ষণৰ সময়তে প্ৰাণ ত্যাগ আৰক্ষী পিতৃৰ একমাত্ৰ সন্তান মনেশ্বৰৰ…

G1 18

Leave a Reply

Your email address will not be published. Required fields are marked *