অসম

সাতটা ৱাৰ্ড দখলেৰে সংসদীয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ অসম জাতীয় পৰিষদৰ…

আজি ঘোষণা কৰা হ’ল পৌৰসভা নিৰ্বাচন।

পৌৰসভা নিৰ্বাচনত অভুতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হয় শাসকীয় দল বিজেপিয়ে।

এইবাৰ পৌৰসভা নিৰ্বাচনত সাতটা ৱাৰ্ড দখলেৰে সংসদীয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ অসম জাতীয় পৰিষদৰ।

অসম জাতীয় পৰিষদৰ টিকটত নামৰূপৰ ৯নং ৱাৰ্ডত প্ৰস্তুতি ফুকন গগৈ, ৰহাৰ ৯ নং ৱাৰ্ডত জোনমণি বৰদলৈ, পাটাচাৰকুচিৰ ১নং ৱাৰ্ডত প্ৰাণজিৎ হালৈ, চাপৰৰ ৬ নং ৱাৰ্ডত চুৰত আলী শ্বেখ, পলাশবাৰীৰ ৫ নং ৱাৰ্ডত সুধন্য কলিতা আৰু ১০ নং ৱাৰ্ডত অৰূপ দাসে বিজয় সাব্যস্ত কৰে৷

আনহাতে, নামৰূপৰ ৪টা, মাৰ্ঘেৰিটাৰ ৪টা, নাহৰকটীয়াৰ ৩টা, নাজিৰাৰ এটা, সোণাৰীৰ এটা, মৰাণৰ দুটা, তেজপুৰৰ এটা, ৰঙাপাৰাৰ এটা, নগাঁৱৰ ৪টা, ৰহাৰ ৩টা, ধেমাজিৰ ৩টা, পলাশবাৰীৰ দুটা আৰু ৰঙিয়াৰ এটা ৱাৰ্ডত দ্বিতীয় স্থানত থাকে জাতীয় পৰিষদৰ প্ৰাৰ্থী৷

ইয়াৰ পিছতে দলৰ বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন জনাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই।

এক প্ৰেছ বিজ্ঞপ্তিত কয় যে, জাতীয় স্বাভিমান পুনৰুদ্ধাৰৰ লক্ষ্য লৈ এক বিকল্প ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠাৰ জাতীয় পৰিষদৰ সংগ্ৰামখনৰ প্ৰতি এয়া ৰাইজৰ স্বীকৃতি৷

এই বিজয়ে দলক নিজৰ ৰাজনৈতিক সংগ্ৰামখন অধিক গতিশীলতাৰে আগুৱাই নিবলৈ উৎসাহিত কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *