অসম

ৰাজকন্যা বৰুৱাৰ তদন্তত নাম সাঙোৰ খাইছে হোটেল তাজ ভিভাণ্টাৰ…

বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ তদন্তত নাম সাঙোৰ খাইছে হোটেল তাজ ভিভাণ্টাৰ।

জানিব পৰা মতে, অসমৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ সন্তানৰ জন্মদিনৰ ইভেণ্ট আয়োজনৰ দায়িত্বহে লৈছিল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই।

ভিভাণ্টাত আয়োজন কৰা এই পাৰ্টি অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিশা ৯ বজালৈকে অনুমতি দিছিল। কিন্তু ৰাতি ১০ বজাৰ পাছলৈকেও চলিছিল মূল পাৰ্টি।

তাৰ পাছতেই অভ্যাগতক আপ্যায়ন কৰা হৈছিল সুৰাৰে আৰু সেই সুৰা সেৱন কৰিয়েই ৰুক্মীণিগাঁৱত ৰাজকন্যা বৰুৱাই সংঘটিত কৰিছিল দুৰ্ঘটনা।

জানিব পৰা মতে, উক্ত পাৰ্টিত ভাগ লৈছিল বহু কেইগৰাকী ৰাজনৈতিক নেতা, আৰক্ষী বিষয়াৰ লগতে জ্যেষ্ঠ আমোলাই।

প্ৰশ্ন উঠিছে ৯ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হৈ থকা সময়ত ভিভাণ্টাত কেনেদৰে নিশা ১০ বজাৰ পাছলৈকে এই পাৰ্টিৰ আয়োজন কৰা হ’ল?

যাৰ বাবে এতিয়া তদন্তৰ আওতালৈ আহিব পাৰে হোটেল তাজ ভিভাণ্টা।

Leave a Reply

Your email address will not be published. Required fields are marked *