ৰাজকন্যা বৰুৱা আৰু ডাঃ নভনীল বৰুৱা সন্দৰ্ভত DGPৰ সংবাদমেল…

ৰাজকন্যা বৰুৱা আৰু ডাঃ নভনীল বৰুৱা সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তৰ সংবাদমেল।

চিকিৎসক নভনীল বৰুৱাই DGPৰে কথা পতা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰ হোৱা খবৰক লৈ স্পষ্টীকৰণ ভাস্কৰজ্যোতি মহন্তৰ।

চিকিৎসক গৰাকীয়ে জেৰাত কোৱা বুলি যিখিনি কথা চৰ্চা হৈছে সেই কথাখিনিৰ পাছত বিৰ্তকৰ মাজত সোমাই পৰিছে স্বয়ং আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।

চিকিৎসক গৰাকীয়ে মুঠ ১১মিনিট সময় আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কথা পাতি এই বিৰ্তকিত মডেলগৰাকীক ছেমি আই চি ইউ ভৰ্তি কৰা বুলি সদৰি হোৱাৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধানৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি উঠিছে।

এনে খবৰ প্ৰচাৰ হোৱাৰ পাছতেই আজি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে।

তেওঁ কয়- ‘মদ খাই এগৰাকী যুৱতীয়ে কাৰোবাৰ জীৱন আশংকা কৰোৱা বা কাৰোবাৰ ওপৰেৰে গাড়ী চলাই দিয়া এই ঘটনাৰ সন্দৰ্ভত এটা খবৰে মোৰ দৃষ্টি আকৰ্ষণ কৰিছে। বিশেষকৈ ডাঃ নভনীল বৰুৱা এই বিষয়ৰ সন্দৰ্ভত DGPৰ লগত কথা পাতিছিলে বুলি তাত কোৱা হৈছে। ডি জি পিৰ সৈতে কি কথা পাতিছিলে আৰু আই চি ইউত ভৰ্তি কৰাৰ পূৰ্বে ডি জি পিক কোৱা হৈছিল বুলি তাত কোৱা হৈছে। এইধৰণে কৰি এনেকুৱা যেন দেখাইছে যে, এই ঘটনাটোত পুলিছৰ সকলোখিনি মানুহ জড়িত হৈ আছে। কিন্তু দৰাচলতে এই সমগ্ৰ বিষয়টো স্পষ্ট কৰি দিব বিচাৰিছো।

ডাঃ নভনীল বৰুৱাই মোক ফোন কৰাটো হয়। ৪ তাৰিখৰ দিনা তেখেতে এটা টেক্স SMS কৰিছিল মোলে কিবা বিশেষ কথা আছে বুলি। ব্যস্ততাৰ বাবে চাব পৰা নহল, পাছত কথা হল। তেতিয়া তেখেতে মোক কলে যে, এই ছোৱালীজনীৰ কথা। তেওঁ কলে- মোৰ তত্ত্বাৱধানতে তেওঁ আছে, আপোনালোকে তেওঁক এৰেষ্ট কৰিব নেকি?  সেই বুলি সুধিছিলে। তেতিয়া মই তেওঁক স্পষ্টভাৱে কৈছিলো- হয়, আমি এৰেষ্ট কৰিম। কাৰন আমাৰ নিৰ্ম্নবৰ্গৰ কিছু বিষয়াৰ বাবে তেওঁ ওলাই যাব পাৰিলে, নিশ্চিতভাৱে তেখেতক আমি এৰেষ্ট কৰিবলৈ গৈ আছো। তেতিয়া মোক তেওঁ ক’লে- তেখেতৰ এক আত্মহত্যা কৰা এক মনোভাৱ আছে। গতিকে আপোনালোকে এৰেষ্ট কৰিলেও যাতে সাৱধানতাখিনি যাতে লয়। মই তেতিয়া কওঁ যে, সেইটো কৰা হব। সেই কথোপকথনত আমি তেওঁক আই চি ইউ থৈছে নে, কত থৈছে সেইবোৰ কথা আলোচনা হোৱা নাই। কেৱল সেইখিনি কথা পতা হৈছে।

এই কথাখিনিক লৈ মই সেইদিনা আহি আমাৰ স্পেচিয়েল ডি জি পিৰ সৈতে আলোচনা কৰিছো। মই কৈছো যে, এনেকুৱা ধৰণৰ ফোন আহিছে আৰু এই ধৰণৰ ছেলফ হাৰ্মৰ কথা কোৱা হৈছে। ইয়াৰ পিছত পুলিছৰ যিখিনি শুধৰণি কৰিবলগীয়া ব্যৱস্থাখিনিৰ কথা পাতিছিলো। পিছত মই চিটি পুলিছৰ বিভিন্ন বিষয়াক কৈছিলো লগতে দিহা দিছিলো।

ঘটনাৰ দিনাই, অৰ্থাৎ ২ অক্টোবৰৰ দিনাই আমি গম নাপাও, আচলতে অসমত বহু এক্সিডেন্ট কেছ হৈ থাকে। সকলোবোৰৰ খবৰ ডিজিপি বা স্পেচিয়েল ডিজিপিয়ে খবৰ নাৰাখে। জিলা ভিত্তিক, অঞ্চলভিত্তিক বিষয়াসকলে চায়। সেইদিনা ঘটনাটো আচলতে মই ঘৰত গৈহে গম পাইছো। লগে লগে মই চিটি পুলিছৰ এজন বিষয়াক ফোন কৰিছো আৰু অলপ ভতচৰ্না কৰিছো, কিয় জনোৱা হোৱা নাই। মানুহৰ গাৰ ওপৰেৰে গাড়ী চলাই দিয়া হৈছে, গতিকে সকলো ধাৰা প্ৰয়োগ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো।

ইয়াৰ পিছতে দেখিলো যে মোৰ নিৰ্দেশৰ মতে তদন্ত প্ৰক্ৰিয়া হোৱা নাই। মই পুনৰ সেই বিষয়াজনলৈ চিঠি লিখি ইয়াৰ উত্তৰ বিচাৰিছিলো। তেতিয়া তেওঁ মোক সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰথমৰ পৰাই যে কিছু ভুল হৈছিল জনালে। যাৰ বাবে শাস্তি প্ৰক্ৰিয়া কিছু পেণ্ডিং হৈ আছে।

গতিকে মই সংবাদমাধ্যমক অনুৰোধ জনাইছো, কিছু সাৱধান হৈ বাতৰি প্ৰক্ষেপন কৰিবলৈ। কাৰন অলপ ভুলেই নিগেটিভ চিন্তা এটাৰ জনমানসত জন্ম দিব পাৰে, যিটো সমাজৰ কাৰনে উপকাৰ নহয়। লগতে জনাই থও যে, সকলো অপৰাধমূলক, দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ অতিকৈ তীব্ৰতৰ ব্যৱস্থা চলি আছে।

লগতে কয়- এইবিলাক কৰোতো এটা চক্ৰৰ হানি হয়, সেই চক্ৰটোৱে চিষ্টেমটোৰ বদনাম কৰিব পাৰিলে উপকৃত হয়। গতিকে সন্মানীয় সংবাদ মাধ্যমবোৰ এই চক্ৰৰ যাতে ব্যৱহৃত নহয়, মই আপোনালোকলৈ এই সাদৰ আহ্বান জনাইছো। গতিকে কিছু সাৱধানতাৰে সকলো কৰিলে…। আপোনালোকে যদি মোক এটা ফোন কৰি সুধিলেহেতেন, মই কলোহেতেন তেতিয়া। কথা পতাতো হয়, কিন্তু তেনে একো কথা পতা হোৱা নাই। গতিকে সংবাদমাধ্যমৰ বন্ধুসকলক সচেতন হবলৈ অনুৰোধ কৰিলো, সমাজখন যাতে কল্যাণ হয়।” 

Leave a Comment