ৰাজকন্যা কাণ্ডঃ দিশপুৰ থানাৰ নিৰ্দেশৰ পিছটো থানাত উপস্থিত নহ’ল ঠিকাদাৰ পংকজ সাধনিধৰ

ৰাজকন্যা গোচৰত নাম সাঙোৰ খোৱা ঠিকাদাৰ পংকজ সাধনিধৰ আজি পুৱা ১০ বজাত দিছপুৰ থানালৈ তলব কৰা হৈছিল।

কিন্তু দিশপুৰ থানাৰ নিৰ্দেশৰ পিছটো থানাত উপস্থিত নহ’ল ঠিকাদাৰ পংকজ সাধনিধৰ।

ৰাজকন্যাই দুৰ্ঘটনা সংঘটিত কৰাৰ দিনটোতে হোটেল তাজত চলা জন্মদিনৰ পাৰ্টিৰ আয়োজক আছিল NHM ৰ ঠিকাদাৰ পংকজ সাধনিধৰ।

জন্মদিনৰ পাৰ্টিৰ অনুমতি নিশা ৯ বজালৈ থকাৰ পিছতো হোটেল তাজত বহু নিশালৈকে চলিছিল পাৰ্টি।

ইতিমধ্যে চিচিটিভিৰ দৃশ্যাংশ সংগ্ৰহ কৰাৰ পিছতে ৰাজকন্যাৰ গোচৰটোৰ তদন্তকাৰী বিষয়াই ঠিকাদাৰজনক আজি ১০ বজাত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল।

কিন্তু বৰ্তমানলৈ উপস্থিত নহ’ল পংকজ সাধনিধৰ।

Leave a Comment