অসম

পেট্ৰ’লৰ দাম বাঢ়িব, মূল্যবৃদ্ধিও হ’ব, আচৰিত হ’ব লগা একো নাই; সকলোৱে পূজা চাওকঃ কুইন ওজা…

পেট্ৰ’ল-ডিজেলৰ লগতে নিত্য ব্যৱহায্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক।

এক প্ৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান বিভাগৰ লগতে ৰজ্য চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

ভৱেশ কলিতা, ৰামেশ্ব তেলীৰ পাছত এইবাৰ মূল্যবৃদ্ধিক লৈ তুলুঙা মন্তব্য প্ৰকাশ কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি সাংসদ কুইন ওজাই।

তেওঁ কয়- ‘পেট্ৰ’লৰ দাম বাঢ়িব, মূল্যবৃদ্ধিও হ’ব। আচৰিত হ’ব লগা একো নাই। মূল্যবৃদ্ধিৰ কথা পাহৰি যাওক, সকলোৱে পূজা চাওক। মূল্যবৃদ্ধিৰ কথা মা দুৰ্গাৰ ওচৰত এৰি দিয়ক। চৰকাৰৰ ওপৰত বিশ্বাস ৰাখি শান্তিত থাকক।

দুধনৈৰ সাৰ্বজনীন দুৰ্গা পূজাত উপস্থিত হৈ এই মন্তব্য সাংসদ কুইন ওজাৰ।

উল্লেখ্য যে, মূল্যবৃদ্ধিয়ে জুৰুলা কৰা এই সময়চোৱাত বিজেপিৰ ইজনৰ পিছত সিজন নেতাই মন্ত্ৰীয়ে কৰা এনেধৰণৰ উদ্ভত মন্তব্যই ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

উল্লেখ্য যে, কুইন ওজা বিৰোধীত থাকোতে দামবৃদ্ধিৰ ক্ষেত্ৰত তেওঁ আছিল চোকা সমালোচক।

Leave a Reply

Your email address will not be published. Required fields are marked *