পূজাৰ আনন্দৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা, চাইকেল আৰোহীক মহতিয়াই গছত খুন্দা মাৰুতি বাহনৰ…

পূজাৰ আনন্দৰ মাজতে এক শোকাৱহ দুৰ্ঘটনা।

চাইকেল আৰোহীক মহতিয়াই গছত খুন্দা মাৰুতি বাহনৰ।

কামপুৰৰ টকোডুবিত  সংঘটিত হয় পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত চাইকেল আৰোহীজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আহত চাইকেল আৰোহীজনৰ নাম দিলীপ নাথ।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰি সুৰামত্ত অৱস্থাত থকা মাৰুতি ৮০০ বাহনখনৰ চাৰিজন আৰোহীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

সৰ্বমুঠ পাঁচজন আৰোহী থকা মাৰুতীখনৰ এজন আৰোহী দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয়।

পিছত সংকটজনক অৱস্থাত তেওঁকো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ হৈছে AS-08-1838।

Leave a Comment