অসম

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত নোহোৱা পৰ্যন্ত হ্ৰাস নহয় পেট্ৰল-ডিজেল মূল্যঃ ৰামেশ্বৰ তেলী…

ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত নোহোৱা পৰ্যন্ত হ্ৰাস নহয় পেট্ৰল-ডিজেল মূল্য।

এই মন্তব্য কৰিছে কেন্দ্ৰীয় ৰামেশ্বৰ তেলীয়ে।

তেওঁ কয়- কেৱল ভাৰতবৰ্ষতে নহয় ভাৰতবৰ্ষৰ দাঁতিকাষৰীয়া দেশ সমূহতো বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য। ভাৰতবৰ্ষই খাৰুৱা তেল ক্ৰয় কৰিবলৈ হলে ৰাছিয়াৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল হব লাগে। সেইবাবে যুদ্ধ শেষ নোহোৱা পৰ্যন্ত ভাৰতবৰ্ষত হ্ৰাস নহয় পেট্ৰল-ডিজেল মূল্য।

মন্ত্ৰীজনে কয়- ভাৰত বৰ্ষই দেশত প্ৰয়োজন হোৱা তেলৰ মাত্ৰ 23% হে উৎপাদন কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মোডী চৰকাৰে দেশত ৭ টাকৈ ইথানল প্ৰজেক্ট স্থাপন কৰাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে।

লগতে ইয়াৰে এটা প্ৰজেক্ট উজনি অসমৰ তিনিচুকীয়াত স্থাপন কৰা হব বুলি তেওঁ জানিবলৈ দিয়ে।

নাহৰকটীয়াৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা নাহৰকটীয়া পৌৰসভাৰ সদস্য সদস্যা সকলৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

আনহাতে নুমলীগড় শোধনাগাৰত বাঁহৰ পৰা উৎপাদন কৰিব লগীয়া ইথানল প্ৰজেক্টটোৰ কাম ও শীঘ্ৰেই আৰম্ভ কৰা কথা মন্ত্ৰী গৰাকীয়ে অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *