অসম

আজি অসমলৈ আহিব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং…

শনিবাৰে অৰ্থাৎ আজি অসমলৈ আহিব কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং।

গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰা এক অনুষ্ঠান অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

অনুষ্ঠানত ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ বীৰ যোদ্ধালৈ সন্মান জনাব মন্ত্ৰীগৰাকীয়ে।

১০৫ গৰাকী বীৰ যোদ্ধালৈ প্রদান কৰা হ’ব সন্মান।

উল্লেখ্য যে, ১৯৭১ চনৰ এই যুদ্ধত অসমৰ ৯জন জোৱান শ্বহীদ হৈছিল।

লগতে আন দুজন যোদ্ধা শত্রুৰ হাতত বন্দী হৈছিল।

৮ গৰাকী যোদ্ধা চিৰদিনৰ বাবে ঘূণীয়া হ’ব লগা হৈছিল।

কলাক্ষেত্রৰ আয়োজন কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকিব অসমৰ ৰাজ্যপালৰ লগতে মুক্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Leave a Reply

Your email address will not be published. Required fields are marked *