অসম

বিধায়ক জিগনেশ মেৱানিক গ্ৰেপ্তাৰ কৰা ঘটনাই মোক হতভম্ব কৰিছেঃ ডঃ হীৰেন গোহাঁই

নিউজ ডেস্ক। গুজৰাটৰ বিধায়ক জিগনেশ মেৱানিক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁইয়েও বিধায়ক জিগনেশ মেৱানিৰ গ্ৰেপ্তাৰকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

596

এক প্ৰেছ বিবৃতিযোগে তেওঁ কয়- অসম আৰক্ষীৰ এটা দলে সুদূৰ গুজৰাটলৈ গৈ জিগ্ণেশ মেৱানিক গ্ৰেপ্তাৰ কৰা ঘটনাই মোক হতভম্ব কৰিছে। আৰক্ষীয়ে কোনোবাই কাৰোবাৰ বিৰুদ্ধে ৰাজহুৱাকৈ তেওঁৰ প্ৰিয় নেতাৰ সম্পৰ্কে কটুক্তি কৰা বুলি এজাহাৰ দিলেই অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পাৰে নে?‌

তেওঁ লগতে কয়- তেনেহলে দেখোন‌ দৈনিক হেজাৰ-বিজাৰ মানুহ গ্ৰেপ্তাৰ হ’ব লাগিব। এগৰাকী বিশিষ্ট আইনবিদক সোধাত ক’লে যে এই অভিযোগত কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰি। মেৱানিৰ উক্তিটোৱে অসম নালাগে ক’তো আইন-শৃঙ্খলা,শান্তি-সম্প্ৰীতি বিঘ্নিত কৰা নাই। নিন্দাৰ পাত্ৰজন অৱশ্যে দেশৰ‌ প্ৰধানমন্ত্ৰী।

কিন্তু এই উক্তিয়ে প্ৰধান‌ মন্ত্ৰী জনৰ কাম-কাজত বা কাৰ্যকৰী ক্ষমতা প্ৰয়োগত কোনো নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। তেন্তে এই গ্ৰেপ্তাৰৰ যুক্তি কি?  ই বাৰু বাকস্বাধীনতাৰ ওপৰত আৰক্ষী বা সমাজৰ কোনো বিশেষ মহলৰ অসঙ্গত আৰু অবৈধ অৱদমন‌ নুসূচায় নে? এনে ঘটনা গণতান্ত্ৰিক দেশৰ বাবে এক লজ্জাকৰ আৰু গৰ্হিত নজিৰ। মই বিশ্বাস কৰোঁ যে জিগনেশ মেৱানিক অবিলম্বে স-সন্মানে মুক্তি দিয়া উচিত’।

উল্লেখ্য যে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়ক জনৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰৰ ভিত্তিত গুজৰাটৰ পালনপুৰ চাৰ্কিট হাউছৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰিছিল।

দেশৰ প্ৰধানমন্ত্ৰীক সাঙুৰি ১৮ এপ্ৰিলত বিধায়ক মেৱানীয়ে এটা বিতৰ্কিত টুইট কৰাক কেন্দ্ৰ কৰি কোকৰাঝাৰৰ সদৰ থানাত বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই বিধায়কগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

ইয়াৰ পিছতে কোকৰাঝাৰৰ উপ আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছৰৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দল গুজৰাটত উপস্থিত হৈ জিগনেছ মেৱানীক আটক কৰি অসমলৈ আনে।

লগতে চাওকঃ

১১ ঘণ্টা চাইকেল চলাই আৰক্ষীৰ সাক্ষাৎকাৰ দিবলৈ আহিল মৰিগাঁৱৰ খনিনে

photo1650692822

Leave a Reply

Your email address will not be published. Required fields are marked *