অসমীয়াঅসম

ৰাইজৰ উত্তাল প্ৰতিবাদ! বদৰপুৰ থানাৰ OC চন্দন গোস্বামীক বদলি…

নিউজ ডেস্কঃ কৰিমগঞ্জ জিলাৰ বদৰপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামীক বদলি।

বদৰপুৰত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ পিছতে বদলি কৰা হৈছে চন্দন গোস্বামীক।

তেওঁক নিযুক্তি দিয়া হৈছে গুৱাহাটীৰ সীমান্ত সংগঠনত।

আনহাতে বদৰপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে সোমেশ্বৰ কোঁৱৰক।

image 168

উল্লেখ্য যে, বুধবাৰে এজন অপৰাধীক কৰায়ত্ত কৰাৰ সময়ত বজাৰ এলেকাত শূণ্যলৈ গুলীচালনা কৰিছিল অ’চি চন্দন গোস্বামীয়ে।

ইয়াৰ পিছতে স্থানীয় ৰাইজে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ পিছতে ৰিজাৰ্ভ ক্ল’জো কৰা হয় অ’চি গোস্বামীক।

ইফালে বদৰপুৰত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা হৈছে।