অসমীয়াৰাষ্ট্ৰীয়

প্ৰেৰণাদায়ক! পিতৃয়ে চলাইছিল ট্ৰাক, ঘৰত নাছিল বিদ্যুৎ সংযোগ, জীৱনৰ প্ৰত্যাহ্বান নেওচি আজি IAS বিষয়া হ’ল পৱন কুমাৰ…

নিউজ ডেস্কঃ মনত ইচ্ছাশক্তি আৰু নিজৰ ওপৰত বিশ্বাস থাকিলে, কঠোৰ পৰিস্থিতিতো সফলতা লাভ কৰিব পাৰিব।

ৰাজস্থানৰ এগৰাকী সাধাৰণ ট্ৰাক চালকৰ পুত্ৰই যেন সেই কথাই প্ৰমাণ কৰি দেখুৱাই আজি এগৰাকী আইএএছ বিষয়া হিচাপে কৰ্তব্যৰত হ’বলৈ সক্ষম হৈছে।

কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰে দেশৰ আটাইতকৈ কঠিন পৰীক্ষাসমূহৰ ভিতৰত অন্যতম ইউপিএছচিত সফলতা অৰ্জন কৰে পৱন কুমাৰ কুমাৱটে।

image 163

ৰাজস্থানৰ নগৰৌৰ সোমনা নিৱাসী পৱন লাল কুমাৱটৰ পিতৃ ৰামেশ্বৰ লাল আছিল এগৰাকী সাধাৰণ ট্ৰাক চলক।

তেওঁলোকৰ পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল হ’লেও সন্তানক উচ্চ শিক্ষিত কৰাৰ লক্ষ্য লৈছিল ৰামেশ্বৰ লালে।

সেয়ে পৱন কুমাৰ কুমাৱটৰ পঢ়া-শুনাৰ বাবে তেওঁলোকে গাঁও এৰি চহৰত থাকিবলৈ লৈছিল।

image 164

মহানগৰীৰৰ চৰকাৰী বিদ্যালয়ৰ পৰাই সম্পূৰ্ণ হৈছিল পৱন কুমাৰৰ স্কুলীয়া শিক্ষা। ইয়াৰ পিছতে তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে জয়পুৰলৈ যায়।

পৱনে এক সাক্ষাৎকাৰত প্ৰকাশ কৰা মতে, তেওঁৰ ঘৰত বিজুলি সংযোগ নথকাৰ বাবে চাকি আৰু লেম্পৰ পোহৰতে কিতাপ পঢ়িবলগীয়া হৈছিল।

image 165

দামী দামী কিতাপবোৰ ক্ৰয় কৰিবলৈ ধন নথকাত তেওঁ সেই কিতাপসমূহ অধ্যয়ন কৰিবলৈ ঘণ্টাৰ পিছত ঘণ্টা লাইব্ৰেৰীত পাৰ কৰিছিল।

এনে কঠোৰ পৰিশ্ৰম আৰু কিবা এটা কৰি দেখুওৱাৰ প্ৰৱল ইচ্ছাৰ বাবেই ইউপিএছচিত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় পৱন কুমাৰ কুমাৱটে।

image 166

তেওঁৰ এই সফলতাৰ কৃতিত্ব দিব বিচাৰে তেওঁৰ পিতৃ-মাতৃক।

image 167

সমান্তৰালভাৱে আজি এগৰাকী আইএএছ বিষয়া হিচাপে কৰ্তব্যৰত হৈ থাকি পৱন কুমাৰ কুমাৱটে যুৱক-যুৱতীসকলৰ ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়াস কৰি আহিছে।