ৰহস্যৰ আৱৰ্তত কণমানি তৃষাৰ মৃত্যুৰ ঘটনা! বিদ্যালয় কৰ্তৃপক্ষৰ বিপৰীতে তৃষাৰ সহপাঠীৰ বিস্ফোৰক ভাষ্য…

ৰহস্যৰ আৱর্তত মহানগৰীৰ নাৰেংগী বিদ্যা মন্দিৰৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী তৃষা কলিতাৰ মৃত্যুৰ ঘটনা।

বিদ্যালয় কৰ্তৃপক্ষৰ বিপৰীতে প্ৰত্যক্ষদৰ্শী তৃষাৰ সহপাঠীৰ বিস্ফোৰক ভাষ্যই লগাইছে তোলপাৰ।

ভাষ্য অনুসৰি, শ্ৰেণী কোঠাত হেঁচা ঠেলাত পৰি গচকা খাইছিল কণমানি তৃষাই।

বিদ্যালয়ৰ ভিতৰত এটা ফেঁচা ওলোৱা বাবে সকলো ছাত্র-ছাত্ৰীয়ে দৌৰা–দৌৰি কৰোতে পৰি গৈছিল তৃষা।

যাৰ ফলত গচকা খাই আঘাত পোৱা বুলি মন্তব্য কৰিছে সহপাঠীয়ে।

ইপিনে আঘাতপ্ৰাপ্ত তৃষাক বহু পলমকৈ চিকিৎসালয়লৈ নিয়াৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।

সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি তৃষাৰ পৰিয়ালে সম্প্ৰতি কাষ চাপিব আৰক্ষীৰ।