একেলগে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সফলতা এহাল ভাতৃ-ভগ্নীৰ, দীপাৱলীৰ পূৰ্বে পৰিয়ালত আনন্দৰ বন্যা

নিউজ ডেস্কঃ দীপাৱলীৰ পূৰ্বে আনন্দৰ বন্যা নামিছে উত্তৰ প্ৰদেশৰ এটি পৰিয়াললৈ।

সদ্য ঘোষিত উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰাদেশিক অসামৰিক সেৱা (পিচিএছ) ২০২১ৰ চূড়ান্ত পৰীক্ষাত একেটি পৰিয়ালৰ এহাল ভাতৃ-ভগ্নীয়ে সফলতা লাভ কৰাত আনন্দই বিৰাজ কৰিছে পৰিয়ালটোৰ লগতে অঞ্চলবাসীৰ মাজত।

প্ৰয়াগৰাজৰ সংগম নগৰ নিৱাসী ভাতৃ-ভগ্নী দুুয়োজনে এছডিএম অৰ্থাৎ উপ-সংগ্ৰাহক পদৰ বাবে নিৰ্বাচিত হৈছে।

ভগ্নী সন্ধ্যা সিঙে প্ৰথম প্ৰচেষ্টাতে এই পৰীক্ষাত সফলতা লাভ কৰাৰ বিপৰীতে ভাতৃ বিবেক সিঙে তৃতীয় প্ৰচেষ্টাত এছডিএম হিচাপে নিৰ্বাচিত হৈছে।

image 155
একেলগে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সফলতা এহাল ভাতৃ-ভগ্নীৰ, দীপাৱলীৰ পূৰ্বে পৰিয়ালত আনন্দৰ বন্যা 3

মেধা তালিকাত বিবেক সিঙে অষ্টম স্থান লাভ কৰাৰ বিপৰীতে ভগ্নী সন্ধ্যা সিঙে লাভ কৰিছে দ্বাদশ স্থান।

প্ৰয়াগৰাজ চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মেজা অঞ্চলৰ নাহৰফুটুকী কালা গাঁৱৰ বাসিন্দা বিবেক আৰু সন্ধ্যা।

এখন অতি পিছপৰা গাঁৱৰ এটা সাধাৰণ পৰিয়ালৰ বিবেক আৰু সন্ধ্যাই উত্তৰ প্ৰদেশ ব’ৰ্ড স্কুলৰ পৰা দ্বাদশ উত্তীৰ্ণ হোৱাৰ পিছত ভাতৃ বিবেক সিঙে প্ৰথমে অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত লয়।

ইফালে বিবেকৰ প্ৰস্তুতি দেখি সৰু ভগ্নী সন্ধ্যাও বিষয়া হোৱাৰ সপোন দেখে। তাৰ পিছতে ভাতৃ-ভগ্নী দুয়োজনে একেলগে প্ৰস্তুতি আৰম্ভ কৰে।

image 156
একেলগে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সফলতা এহাল ভাতৃ-ভগ্নীৰ, দীপাৱলীৰ পূৰ্বে পৰিয়ালত আনন্দৰ বন্যা 4

কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফলত অৱশেষত সদ্য ঘোষিত পিচিএছ পৰীক্ষাত বিবেকে তৃতীয় প্ৰচেষ্টাত আৰু সন্ধ্যাই প্ৰথম প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ হৈ দুয়োজনে উপ-সংগ্ৰাহক পথৰ বাবে নিৰ্বাচিত হয়।

বিবেক আৰু সন্ধ্যা এছডিএম হিচাপে সফলতা লাভ কৰাৰ পিছতে পৰিয়াল আৰু সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠা দেখা যায়।

বিবেক আৰু সন্ধ্যা দুয়োজনে নিজৰ সফলতাৰ কৃতিত্ব প্ৰদান কৰে পিতৃ-মাতৃক।