চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা বাতিল হ’ব লাগে, অন্যথা দুৰ্নীতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছেঃ বিধায়ক ৰফিকুল ইছলাম

বহু প্ৰতীক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল।

২০২২ চনৰ ২১ আগষ্টত অনুষ্ঠিত হৈছিল চতুৰ্থ শ্ৰেণীৰ পদৰ লিখিত পৰীক্ষা আৰু ৰাজ্যৰ ২৫ খন জিলাত ৪,৪৩,৬৫৫ গৰাকীতকৈ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ছেবাৰ ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হ’ব চতুৰ্থ বিভাগৰ পৰীক্ষাৰ ফলাফল।

আনহাতে ডিচেম্বৰত হ’ব চৰ্তুথ বৰ্গৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ সকলৰ মৌখিক পৰীক্ষা। ‘মুখ্যতঃ লিখিত পৰীক্ষাৰ ফলাফলেই নিৰ্ণয় কৰিব নিযুক্তি’। মৌখিক পৰীক্ষাত থাকিব মাত্ৰ ৫ নম্বৰ।

কিন্তু চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিৰ মৌখিক পৰীক্ষা বাতিলৰ পোষকতা কৰিছে এ আই ইফ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে।

মৌখিক পৰীক্ষা পাতিলে দুৰ্নীতি-অনিয়ম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

আগৰ চৰকাৰে মৌখিক পৰীক্ষা নালাগে বুলি কেবিনেটত সিদ্ধান্ত লৈছিল বুলিও মন্তব্য কৰে AIUDFৰ বিধায়কজনে।

উল্লেখ্য যে, অসম প্ৰত্যক্ষ নিযুক্তিৰ অধীনত পৰীক্ষাৰ মুঠ ২৬,৪৪২টা পদৰ, ১৩,৩০০টা তৃতীয় শ্ৰেণীৰ আৰু ১৩,৩৪১টা পদ আছিল চতুৰ্থ শ্ৰেণীৰ বাবে।

ইপিনে নৱেম্বৰত ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল।